ETV Bharat / state

কলগাছিয়াত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা

author img

By

Published : Sep 6, 2020, 9:58 PM IST

fire incidante at kolgasia
কলগাছিয়াত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড ঘটনা সংঘটিত ৷ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ ৷

জনীয়া,6 ছেপ্তেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুহিয়া গাওঁত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড । ইউনুছ আলি নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । এটা ঘৰ ভস্মীভূত হোৱাৰ লগতে ক্ষতি হৈছে পাঁচ লাখ টকাৰ সা-সম্পত্তি ।

উল্লেখযোগ্য যে, ঘৰৰ ভিতৰত আছিল কেইবা কুইণ্টন ধান,মাকৈ,চাউল আৰু নগদ 50হাজাৰ টকাৰ লগতে বিভিন্ন ধৰণৰ নথিপত্ৰ ৷ এই সকলোবোৰ ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে উল্লেখ কৰাৰ লগতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই অগ্নিকাণ্ড হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

কলগাছিয়াত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

লগতে পঢ়কঃ কামপুৰ বৰক'লাৰ গুৰুদ্বাৰত উপস্থিত ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.