ETV Bharat / state

Fight over free fire game : ফ্ৰী ফায়াৰ খেলক কেন্দ্ৰ কৰি কলগাছিয়াত মাৰপিট: চাৰিজনৰ অৱস্থা সংকটজনক

author img

By

Published : Jul 10, 2023, 11:51 AM IST

Kalgachia Beating Incident
ফ্ৰী ফায়াৰ খেলক কেন্দ্ৰ কৰি কলগাছিয়াত মাৰপিটৰ ঘটনা

কলগাছিয়াৰ লাংলা গাঁৱত ফ্ৰী ফায়াৰ খেলক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা । মাৰপিটত 8 জনকৈ লোক আহত, তাৰে চাৰিজনৰ অৱস্থা সংকটজনক । 19 জনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

ফ্ৰী ফায়াৰ খেলক কেন্দ্ৰ কৰি কলগাছিয়াত মাৰপিটৰ ঘটনা

কলগাছিয়া, 10 জুলাই : কলগাছিয়াৰ লাংলাত ভয়ংকৰ মাৰপিটৰ ঘটনা । কিতাপ আলীৰ পৰিয়ালক দা, ডেগাৰ, ৰ’ড আদিৰে দলৱদ্ধ আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে । ভয়ংকৰ মাৰপিটৰ ফলত কিতাপ আলীৰ পৰিয়ালৰ পুৰুষ-মহিলাসহ 8 জন আঘাতপ্ৰাপ্ত হৈছে বুলি জানিবলৈ পৰা গৈছে । 8 জনৰ ভিতৰত 4 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ পৰা গৈছে । ইয়াৰে এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, এজনক বৰপেটা মেডিকেল কলেজত আৰু কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ পৰা গৈছে ।

দুৰ্ভাগ্যজনক বিষয় যে, ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ 24 ঘন্টা উকলি যোৱাৰ পাছতো কলগাছিয়া আৰক্ষীয়ে ঘটনাটোৰ কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । উল্লেখ্য যে, মোবাইলত ফ্ৰি ফায়াৰ খেলাক কেন্দ্ৰ কৰি প্ৰথমাৱস্থাত সৰু ল'ৰাৰ মাজত কাজিয়া হয় আৰু ভুক্তভোগীৰ পৰিয়ালৰ ল'ৰাটোক অকথ্য গালি-গালাজ পৰাত উক্ত ল'ৰাজনে গালি পৰা ল'ৰাটোৰ ঘৰত আপত্তি দিবলৈ যোৱাত ভুক্তভোগীৰ পৰিয়ালৰ ল'ৰাটোক মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।

আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে বগুলামাৰি গাঁৱৰ 20-30 জনীয়া এটা দলে গৈ ভুক্তভোগীৰ পৰিয়ালক শাৰীৰিক আক্ৰমণ কৰে । ইমানতে ক্ষান্ত নাথাকি পিছৰ পৰ্যায়ত দা, লাঠি, ডেগাৰ, ৰ’ড আৰু লোহাৰ জোঙা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি ভুক্তভোগীৰ পৰিয়ালটোৱে জানিবলৈ দিয়ে । ভুক্তভোগীৰ পৰিয়ালক অভিযুক্তসকলে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি ভুক্তভোগীৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে ।

ঘটনা সন্দৰ্ভত মোফাজল হুছেইনে একাব্বৰ আলী, আতোৱাৰ ৰহমান, আজাদ আলী, দেলুৱাৰা খাতুন, নবাব আলী, আজাহাৰ আলীকে ধৰি 19 জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । অৱশ্যে এজাহাৰ দাখিলৰ পিচতো কলগাছিয়া আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে স্থানীয়লোকে । কলগাছিয়া আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ঘটনাৰ তদন্ত দাবী কৰি বৰপেটা জিলা আৰক্ষী অধীক্ষক নাইবা অসম আৰক্ষীৰ সঞ্চালক প্ৰদানৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলি ভুক্তভোগী পৰিয়ালে সংবাদ মাধ্যমৰ আগত কয় ।

লগতে পঢ়ক : Himachal Pradesh: পানীৰ মাজত আৱদ্ধ 6 জন লোক; উটি গ’ল শতবছৰ পুৰণি দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.