ETV Bharat / state

FAAMCH Barpeta: বৰপেটা মেডিকেল কলেজৰ দ্বাদশ বৰ্ষপূৰ্তি উদযাপন

author img

By

Published : Feb 11, 2023, 6:43 PM IST

FAAMCH celebrates 12th anniversary in Barpeta
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ দ্বাদশ বৰ্ষপূৰ্তি

আজি বৰপেটা মেডিকেল কলেজৰ দ্বাদশ বৰ্ষপূৰ্তি (Barpeta Medical College) ৷ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী ৷ ক্ৰীড়াবিদ নয়নমনি শইকীয়া আৰু ভাৰ্গৱ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন ৷ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান ৷

ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ দ্বাদশ বৰ্ষপূৰ্তি

বৰপেটা, ১১ ফেব্ৰুৱাৰী: অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় হৈছে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় চমুকৈ বৰপেটা মেডিকেল কলেজ (Fakhruddin Ali Ahmed Medical College) । এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল ।

এই বৰপেটা মেডিকেল কলেজ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত । অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিছিল । চিকিৎসা বিজ্ঞানৰ এই শিক্ষানুষ্ঠানত এম বি বি এছ শিক্ষাৰ লগতে পেৰামেডিকেল বিভাগৰ লেব'ৰেটৰী টেক্‌নিচিয়ান, ফিজিঅ'থেৰাপি আদিৰ ডিপ্লোমা পাঠ্যক্ৰমৰো ব্যৱস্থা আছে ।

আজি ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালৰ দ্বাদশ বৰ্ষপূৰ্তি (12th anniversary of Barpeta Medical College) ৷ বৰ্ষপূৰ্তি উপলক্ষে মহাবিদ্যালয়খনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ মেডিকেল কলেজ কৰ্তৃপক্ষৰ লগতে চিকিৎসক, ছাত্ৰ-ছাত্ৰী সকলোৰে মাজত দেখা গ’ল এক আনন্দমুখৰ পৰিৱেশ ৷ বৰ্ষপূৰ্তি উপলক্ষে পুৱাই মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীৰ নেতৃত্বত অনুষ্ঠিত হয় খোজ কাঢ়ো আহক শীৰ্ষক এক কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশ লয় মেডিকেল কলেজখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে জ্যেষ্ঠ চিকিৎসক, ছাত্ৰ-ছাত্ৰীসকলে (FAAMCH Principal Dr Ramen Talukdar) ৷

বৰপেটা মেডিকেল কলেজৰ চৌহদৰ পৰা খোজ কঢ়া আৰম্ভ কৰা সমদলটোৱে সমগ্ৰ বৰপেটা চহৰ পৰিভ্ৰমণ কৰে (FAAMCH celebrates 12th anniversary) ৷ ইয়াৰ পিচতে দুপৰীয়া অনুষ্ঠিত হয় এখনি সভা ৷ এই সভাত বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু মেডিকেল কলেজৰ কৰ্মচাৰীসকলক কৰা সম্বোধনত মেডিকেল কলেজখনে চিকিৎসা সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰি মেডিকেল কলেজখনে ক্ৰমাৎ উন্নয়নৰ দিশে আগবঢ়া ক্ষেত্ৰসমূহৰ বিষয়ে উল্লেখ কৰে ৷

বৰ্ষপূৰ্তি অনুষ্ঠানটোত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু বৰপেটা এম চি কলেজৰ অধ্যক্ষ ড৹ প্ৰকাশ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ মেডিকেল কলেজখনৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অৰ্জুন বটা বিজয়ী ক্ৰীড়াবিদ নয়নমনি শইকীয়া আৰু শৰীৰ চৰ্চাবিদ ভৱজিৎ চৌধুৰীক মেডিকেল কলেজ কতৃপক্ষই সম্বৰ্ধনা জনায় ৷ বাৰ বছৰীয়া এই যাত্ৰাত মেডিকেল কলেজখনে উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে শৈক্ষিক, স্বাস্থ্যসেৱা, ক্ৰীড়া আৰু চিকিৎসাৰ দিশটো উন্নত কৰাত বিশেষভাৱে সফল হোৱা বুলিও অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে মন্তব্য কৰে ৷

লগতে পঢ়ক: Death anniversary of Swahid Madan Gogoi: মেলেঙৰ পাখিমৰাত শ্বহীদ মদন গগৈৰ মৃত্যু দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.