ETV Bharat / state

বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Jan 7, 2021, 6:55 AM IST

em-ranjit-basumatary-convoy-accident
বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

বুধবাৰে নিশা বৰপেটাৰ ভৱানীপুৰত বিটিআৰৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ভৱানীপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কাৰ্যবাহী সদস্য গৰাকীৰ দুজনকৈ দেহৰক্ষী ৷

বৰপেটাৰোড,7জানুৱাৰী:বুধবাৰে নিশা বৰপেটাৰ ভৱানীপুৰত বিটিআৰৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হয় ৷ এই পথ দুৰ্ঘটনাত কাৰ্যবাহী সদস্যগৰাকীৰ দুজনকৈ দেহৰক্ষী গুৰুতৰভাৱে আহত হয় ৷

বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

জানিব পৰা মতে,নৱ নিযুক্ত কাৰ্যবাহী সদস্যগৰাকীয়ে গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে ভৱানীপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হয় কনভয়ৰ গাড়ীখন ৷ আনহাতে,এই পথ দুৰ্ঘটনাত আহত দেহৰক্ষীদ্বয়ক প্ৰথমে ভৱানীপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়কঃসুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.