ETV Bharat / state

Public protest at Jania: জনীয়াৰ চিতুলিত সাংসদ-বিধায়কৰ পুত্তলিকা দাহ কৰিলে ক্ষুব্ধ ৰাইজে

author img

By

Published : Mar 8, 2023, 10:06 PM IST

বিধ্বস্ত পথ মেৰামতিৰ দাবীত পথ জনীয়াত ৰাইজৰ ধৰ্ণা (Public protest for construction of Road)। ক্ষুব্ধ ৰাইজৰ সাংসদ আব্দুল খালেক-বিধায়ক হাফিজ ৰফিকুল ইছলামৰ পুত্তলিকা দাহ ।

Dilapidated road at Jania in Barpeta
পথ মেৰামতিৰ দাবীত পথ জনীয়াত ৰাইজৰ ধৰ্ণা

পথ মেৰামতিৰ দাবীত পথ জনীয়াত ৰাইজৰ ধৰ্ণা

জনীয়া, ৮ মাৰ্চ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ চিতুলিত মঙলবাৰে স্থানীয় ৰাইজে সাংসদ আব্দুল খালেক আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ পুত্তলিকা দাহ কৰে (Public protest at Jania)। জিলাখনৰ জনীয়া সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ মুকছেদ চেণ্টাৰৰ পৰা চিতুলিহৈ দাপনাশিঙলৈ যোৱা পথ নিৰ্মাণৰ দাবীত সাংসদ আব্দুল খালেক আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Public demand for Road in Jania)।

প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিছতো এই অঞ্চলটোৰ পথৰ অৱস্থা তথৈৱচ হৈ থাকিল । চৰকাৰ আহিছে, চৰকাৰ গৈছে (Dilapidated road at Jania in Barpeta)। প্ৰতিনিধি আহিছে আৰু গৈছে । কিন্তু অলপো পৰিৱৰ্তন নহ'ল এই পথচোৱাৰ । উক্ত পথচোৱাৰে দিনটোত যাতায়ত কৰে কেইবা শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কেইবা সহস্ৰাধিক পথচাৰী । ইপিনে,পথৰ দুৰৱস্থাৰ বাবে ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱাৰ যাতায়ত । এজাক বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰীসকলে বিদ্য়ালয়লৈ যোৱাত যমৰ যাতনা ভুগিবলগীয়া হয় বুলি ৰাইজে ক্ষোভেৰে কয় ।

উল্লেখ্য় যে এই অঞ্চলটোৰ বাৰিষা কালত যাতায়তৰ একমাত্ৰ উপায় হৈছে কলগছৰ ভূঁৰ নাইবা টুলুঙা নাও । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে তিনিবাৰৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ আব্দুল খালেক (MP Abdul Khaleque) আৰু তিনিবাৰৰ বিধায়ক ড৹হাফিজ ৰফিকুল ইছলামে নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতিৰ ফুলজাৰী মাৰে (MLA Hafiz Rafiqul Islam)। কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পাচত মনত নাথাকে জনগণক দিয়া প্ৰতিশ্ৰুতিৰ কথা । সেয়েহে আব্দুল খালেক গ' বেক, হাফিজ ৰফিকুল ইছলাম গ' বেক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ক্ষুব্ধ প্ৰতিবাদকৰীসকলে । সাংসদ, বিধায়কৰ প্রতি আস্থা হেৰুৱাই পথ নিৰ্মাণৰ বাবে বিজেপি চৰকাৰক কাতৰ আহ্বান জনাইছে ৰাইজে । অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পথচোৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'লে ভোট বৰ্জনৰ হুংকাৰ দিছে প্ৰতিবাদী জনতাই ।

লগতে পঢ়ক:PM Modi holds meeting with Assam cabinet: কইনাধৰাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.