ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বর্ষপূৰ্তি উদযাপন

author img

By

Published : Jun 24, 2021, 5:16 PM IST

education-minister-ranoj-pegu-at-pathsala-
পাঠশালাত উপস্থিত শিক্ষা মন্ত্ৰী ৰনোজ পেগু

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বর্ষপূৰ্তি উদযাপন ৷ লগতে এই অনুষ্ঠানটোত নতুন প্ৰশাসনিক ভৱনটো উদ্বোধন কৰা হয় ৷ এই অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।

পাঠশালা, 24 জুন : নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয় নামাকৰণেৰে উন্নীতকৰণ কৰা হয় ৷ উন্নীতকৰণ কৰাৰ পাছত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয় ড৹ বিৰিঞ্চি কুমাৰ দাসক । ড৹ বিৰিঞ্চি কুমাৰ দাসে ২৫ জুনত আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।

বৃহস্পতিবাৰে উদযাপন কৰা হয় ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বর্ষপূৰ্তি ৷ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বর্ষপূৰ্তি উপলক্ষে নতুন প্ৰশাসনিক ভৱনটো উদ্বোধন কৰে ৷ এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।

অনুষ্ঠানটোৰ শেষত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ শিক্ষাৰ ওপৰত বিভিন্ন মন্তব্য় আগবঢ়ায় ৷ ক’ভিড মহামাৰীয়ে ৰাজ্যখনৰ শিক্ষা, অৰ্থনীতি সকলোতে বাৰুকৈয়ে ক্ষতি কৰিছে ৷ যাৰ বাবে হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে ।

পাঠশালাত উপস্থিত শিক্ষা মন্ত্ৰী ৰণোজ পেগু

নতুন শিক্ষা নীতিৰ ওপৰত বিভিন্ন সময়ত আলাপ-আলোচনা কৰি কমিটি প্ৰস্তুত কৰাৰ কথা কোৱাৰ উপৰিও এই শিক্ষা নীতিখন সকলোকে অধ্যয়ন কৰাৰ বাবে আহ্বান জনায় শিক্ষামন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, বিনা বেতনে কাম কৰি থকা লোকসকলক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই যিসকল যোগ্য ব্যক্তি আছে, সেইসকল যোগ্যতা অনুযায়ী পদত নিযুক্তি দিয়া হ’ব ৷ এইক্ষেত্ৰত চৰকাৰখনে নিখুঁতভাৱে কাম কৰিব ।

জুলাই মাহৰ বাজেট অধিৱেশনত নতুনকৈ স্থাপন হোৱা আটাইকেইখন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ মান উন্নয়নৰ বাবে পূঁজিৰ আৱণ্টন দিয়া হ’ব । ১৯৫৫ চনত স্থাপন হোৱা বজালী মহাবিদ্যালয়ে নামনি অসমত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত স্নাতক পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে প্ৰাণী বিজ্ঞান, ভূগোল, গণিত আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াইছিল ।

ইপিনে ২০১৭ চনত ‘নাক’ৰ (NAAC) ৰ দ্বাৰা হোৱা মূল্যাংকনত বজালী মহাবিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰিছিল । বৃহস্পতিবাৰে এই মহাবিদ্যালয়খনে বিশ্ববিদ্য়ালয়ৰ ৰূপ পোৱাৰ পিচতেই সগৌৰৱেৰে অতিক্ৰম কৰিলে 2 টা বছৰ ৷ শিক্ষানগৰী পাঠশালাত এই বিশ্ববিদ্যালয় স্থাপনে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব বুলি শিক্ষা সচেতন লোকসকলে মন্তব্য কৰে ৷

লগতে পঢ়ক: ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.