Gunotsav in Assam: বৰপেটাত গুণোৎসৱত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

author img

By

Published : Jan 21, 2023, 12:54 PM IST

Ranoj Pegu present in Gunotsav of Barpeta schools

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ মূল্যাংকনৰ বাবে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ আজি চতুৰ্থ দিন (Gunotsav of Assam govt schools) । শনিবাৰে গুণোৎসৱ উপলক্ষে বৰপেটাত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু (Education Minister Dr Ranoj Pegu attends Gunotsav) ।

শিক্ষাৰ্থীৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

বৰপেটা,২১ জানুৱাৰী: বৰপেটা জিলাত বুধবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ বহিঃমূল্যায়ণৰ বাবে শনিবাৰে বৰপেটাৰ বাৰাদিত অৱস্থিত কস্তুৰৱা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Dr Ranoj Pegu attends Gunotsav) ৷ বৰপেটাৰ কস্তুৰৱা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে ছাত্ৰীসকলে উস্ম আদৰণি জনায় শিক্ষা মন্ত্ৰীগৰাকীক । তাৰ পাছতে বিদ্যালয়ৰ নিয়মীয়া কাৰ্যসূচী হিচাপে প্ৰাতঃসভা অনুষ্ঠিত হয় । ইয়াত ছাত্ৰীসকলে প্ৰাৰ্থনাৰ পিছতে কুইজ, বিষয় ভিত্তিক আলোচনা, বাতৰি কাকত পাঠ আদি কাৰ্যসূচী ৰূপায়ণ কৰে(Ranoj Pegu attend morning session of school) ।

শিক্ষা মন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ পৰ্যবেক্ষণ কৰাৰ পিচতে বিদ্যালয়খনৰ শ্ৰেণী কোঠালৈ গৈ ছাত্ৰীসকলৰ সৈতে মত বিনময় কৰে ৷ শিক্ষা মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ সা-সুবিধাসমূহৰ বুজ লোৱাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে ৷ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিদ্যালয়খনে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে শিক্ষাৰ মান উন্নত হ'ব বুলি মন্তব্য কৰে(Assam Education Minister Dr Ranoj Pegu) ৷

২০১৭ বৰ্ষৰ তুলনাত ২০১৮ বৰ্ষত বৰপেটাত A+ বিদ্যালয়ৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে এয়া তললৈ নামি আহিছে ৷ অৱশ্যে যোৱাবাৰৰ তুলনাত এইবৰ্ষত ফলাফল উন্নত আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে ৷ আনকি বৰপেটাত এইবেলি A+ লাভ কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৷ শিক্ষা মন্ত্ৰীগৰাকীয়ে গুণোৎসৱৰ ফলত শিক্ষাৰ মান যথেষ্ঠ উন্নত হোৱা বুলিও মন্তব্য কৰাৰ লগতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে(Axom Gunotsav 2023) ৷

গুণোৎসৱৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও এতিয়া A নহয় A+ লাভৰ বাবে আশা কৰিবলৈ লৈছে ৷ আনহাতে চৰকাৰে প্ৰতিবছৰে গুণোৎসৱ অনুষ্ঠিত কৰিব বুলি সদৰি কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ বিদ্যালয়সমুহৰ বাবে প্ৰতিটো দিনেই গুণোৎসৱ বুলি অভিহিত কৰে ডাঃ ৰণোজ পেগুৱে ৷ চৰকাৰে প্ৰতিতো দিনতেই গুণোৎসৱ কৰিব নোৱাৰে ৷ সেয়ে এইক্ষেত্ৰত শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু নাগৰিক সমাজ সচেতন হোৱাৰ বাবে ডাঃ পেগুৱে(Gunotsav of Assam govt schools) ৷

আনহাতে এই বৰ্ষত মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত এক বিশাল আঁচনি গ্ৰহন কৰা হব বুলি সদৰি কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ডাঃ ৰণোজ পেগুৱে শনিবাৰে ৰূপসীৰ ভলুকাডবা হাইস্কুল আৰু বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে বৰপেটা জিলাত এইবাৰ ২,২১৮ খন প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে । এই শিক্ষানুষ্ঠানবোৰত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল ২, ৬২, ৫৩৭ গৰাকী ।

লগতে পঢ়ক: Republic day preparation in Lakhimpur: লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.