ETV Bharat / state

Operation against narcotics: বৰপেটাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

author img

By

Published : Oct 20, 2022, 9:38 PM IST

Drug smugglers arrested with Brown Sugar in Barpeta
বৰপেটাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান (Operation against narcotics) ৷ বৃহস্পতিবাৰে বৰপেটা আৰু কলগাছিয়াত পৃথকে পৃথকে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক ৷ ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ৫ টা চাবোনৰ কেচত লুকুৱাই অনা ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে (Brown sugar seized by Barpeta Police) ৷

বৰপেটা ২০ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান (Operation against narcotics) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৃহস্পতিবাৰে বৰপেটাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে (Drug smugglers arrested with Brown Sugar) ৷

ঘটনা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বৰপেটা আৰু কলগাছিয়াত পৃথকে পৃথকে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী এটাৰ নাম জনীয়াৰ নুৰুল আমিন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে তদন্তৰ খাটিৰত গ্ৰেপ্তাৰ কৰা আনটো ড্ৰাগছ ব্যৱসায়ীৰ নাম সদৰি কৰা নাই কলগাছিয়া আৰক্ষীয়ে ৷ আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ৫ টা চাবোনৰ কেচত লুকুৱাই অনা ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে (Brown sugar seized by Barpeta Police) ৷

বৰপেটাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

ইফালে, বুধবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে কৰিমগঞ্জ ৰে’ল জংচনত অভিযান চলাই বুজন পৰিমাণৰ সন্দেহযুক্ত কেঁচা বাৰ্মিজ চুপাৰি জব্দ কৰে (Betel nut seized at Karimganj rail station) ৷ জব্দকৃত সন্দেহযুক্ত বাৰ্মিজ চুপাৰিখিনিৰ পৰিমাণ প্ৰায় 110 বেগ বুলি আৰক্ষীয়ে জানিব দিয়ে (Karimganj Police seizes illegal Burmese supari) ৷

ইয়াৰ লগতে, বুধবাৰে এটা ড্ৰাগছৰ কন্টেইনাৰ, চিৰিঞ্জ ইত্যাদিসহ (Drugs seized in Golaghat) ৰাইজৰ হাতত ধৰা পৰিছিল গোলাঘাটৰ দোলাষৰীয়াৰ উদয়ন শ‌ইকীয়া নামৰ এজন যুৱক ৷ ৰাইজৰ অভিযোগ মতে, দীৰ্ঘদিন ধৰি যুৱকজনে ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছিল । বিগত কেবাদিনো ধৰি ৰাইজে চকু ৰাখিছিল যুৱকজনৰ ওপৰত যদিও প্ৰতিবাৰেই সাৰি গৈছিল যুৱকজন ।

আনফালে, বিগত 19 অক্টোবৰৰ দিনাই ৰঙাপৰাত আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা (Arunachal liquor seized by Excise department ) । এক গোপন সূত্ৰৰ পম খেদি আবকাৰী বিভাগৰ উপ পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত এটা দলে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত উপৰ কছাৰী গাঁৱৰ এঘৰ মানুহৰ ঘৰত অভিযান চলাই 15 কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে (Arunachal Liquors seized at Rangapara) ৷

লগতে পঢ়ক: Burmese Supari seized: কৰিমঞ্জত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.