ETV Bharat / state

টিকট বঞ্চিত তাৰা প্ৰসাদ দাসৰ গুৰুতৰ অভিযোগ:কংগ্ৰেছ মানেই এতিয়া মুছলমান

author img

By

Published : Mar 19, 2021, 7:20 AM IST

কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত ডাঃ তাৰা প্ৰসাদ দাসৰ সংবাদমেল ৷ বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ডাঃ তাৰা প্ৰসাদ দাস ৷ ডাঃ তাৰা প্ৰসাদ দাসক টিকটৰ পৰা বঞ্চিত কৰি আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদক দলীয় টিকট প্ৰদান কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত নেতা গৰাকীৰ ৷

কংগ্ৰেছ মানেই এতিয়া মুছলমান: ডাঃ তাৰা প্ৰসাদ দাস
কংগ্ৰেছ মানেই এতিয়া মুছলমান: ডাঃ তাৰা প্ৰসাদ দাস

বৰপেটা, 19 মাৰ্চ: বৃহস্পতিবাৰে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত ডাঃ তাৰা প্ৰসাদ দাসে এক সংবাদমেলযোগে কংগ্ৰেছ দলৰ বিৰুদ্ধে উত্থাপন কৰে কেতবোৰ বিস্ফোৰক অভিযোগ ৷ কংগ্ৰেছ এতিয়া কংগ্ৰেছ হৈ থকা নাই ৷ কংগ্ৰেছ মানেই এতিয়া মুছলমান ৷ কংগ্ৰেছৰ নেতাবোৰেই হিন্দু কংগ্ৰেছ, মুছলিম কংগ্ৰেছৰ কথা ক’বলৈ ধৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ টিকট প্ৰত্যাশী নেতা ডাঃ তাৰা প্ৰসাদ দাসে ৷

কংগ্ৰেছ মানেই এতিয়া মুছলমান: ডাঃ তাৰা প্ৰসাদ দাস

হিন্দু হোৱা বাবেই বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ডাঃ তাৰা প্ৰসাদ দাসক টিকট নিদিলে বুলি অভিযোগ কৰে ডাঃ তাৰা প্ৰসাদ দাসে ৷ ডাঃ তাৰা প্ৰসাদ দাসৰ এই মন্তব্যক লৈ বৰপেটা জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কংগ্ৰেছ মানেই এতিয়া মুছলমান: ডাঃ তাৰা প্ৰসাদ দাস

কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতা মষিমুৰ হৈছে, কংগ্ৰেছত থাকি আৰু লাভ নাই ৷ কংগ্ৰেছৰ মূধাফুটা নেতাবোৰে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰি আছে ৷ ৰাইজৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰৱৰ্তী সিদ্ধান্ত ল’ব ডাঃ তাৰা প্ৰসাদ দাসে ৷ বৰপেটাত টিকট প্ৰদানক লৈ সৃষ্টি হোৱা ৰাজনীতিয়ে বিজেপিক লাভান্বিত কৰিব সংবাদমেলযোগে সদৰি কৰিছে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত নেতা গৰাকীয়ে ৷

লগতে পঢ়ক: ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.