ETV Bharat / state

Flood at Jania : জনিয়াৰ বিধায়কক বিচাৰি CPI (M) নেতাৰ বিজ্ঞাপন

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:02 PM IST

Devastating flood at Jania Barpeta
নিৰুদ্দেশ হ’ল বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

নিৰুদ্দেশ হ’ল বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ৷ বিধায়ক ইছলামক বিচাৰি হাবাথুৰি খাইছে সমষ্টিবাসীয়ে ৷ উপায়ন্তৰ হৈ ড৹ হাফিজ ৰফিকুল ইছলামৰ নিৰুদ্দেশ সন্দৰ্ভত চি পি আই (এম) নেতাই দিছে বিজ্ঞাপন । কিন্তু ক’ত হেৰাল বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ৷ সবিশেষ এই বাতৰিত ৷

বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া

জনিয়া, 29 আগষ্ট : “শ্ৰদ্ধাৰ অসমবাসী ৰাইজ; জনিয়াৰ বিধায়কজনক যদি ক’ৰ’বাত দেখে, তেন্তে আমাৰ খবৰটো অলপ ক’বচোন । নাইবা যদি ৰাস্তা হেৰুৱাই তেন্তে তেওঁক জনিয়াৰ ফালে অলপ ৰাস্তাটো দেখুৱাই দিব ৷’’ অ’ ৰ’ৱ ৷ এই কথা আমাৰ নহয় ৷ কলগাছিয়াৰ বলাইপাথাৰ আৰু কাউৰঝাহীত বেঁকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক ইতিকিং কৰি এই মন্তব্য কৰে চি পি আই (এম) নেতা চান মামুদ আহমেদে ৷

চান মামুদ আহমেদে আৰু কয়, ‘‘য’ত বিধায়কজন আমাৰ সন্মুখত থাকিব লাগিছিল, বিধায়কজনে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু এনে সময়তে তেওঁ পলায়ন কৰিলে ৷ ক’ত লুকাই আছে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ৷ টৰ্চেৰে বিচাৰি পোৱা নাই তেওঁৰ সুং-সূত্ৰ’’ ।

উল্লেখ্য যে, কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত অব্যাহত আছে বেঁকী নদীৰ ভয়ংকৰ গৰখহনীয়া । ইতিমধ্যে এই খহনীয়াৰ ফলত জাহ গৈছে বহু পৰিয়ালৰ আপোন পঁজাটি । কিন্তু খবৰ ল’বলৈ সাংসদ কিম্বা বিধায়কৰ আহৰি নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে চি পি আই (এম) নেতাগৰাকীয়ে ৷

তথ্য অনুসৰি, বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত পৰি নিচ্ছিন্ন হোৱাৰ পথত কলগাছিয়াৰ বলাইপাথাৰ গাঁও । বলাইপাথাৰ গাঁৱৰ ছুৰমান আলীৰ মাটি-ভেঁটি বেঁকী নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবাটাও পৰিয়াললৈ আহিছে ভাবুকি । বিগত দুইমাহ ধৰি এইদৰেই অব্যাহত আছে বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । এই খহনীয়াত বৰ্তমানলৈকে প্ৰায় 50 টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেঁটি উছন হৈছে ৷ ফলত কোনোবাই যদি ৰাস্তাৰ দাঁতিত আশ্ৰয় লৈছে, আন কোনোবাই আকৌ বেলেগৰ ঘৰত আশ্ৰয় ল’ব লগাত পৰিছে ।

কিন্তু এইবোৰ খবৰ ল’বলৈ যেন আহৰি নাই জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ । যাৰ বাবে বিধায়কৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰি জনিয়াৰ বিধায়কক বিচাৰি চি পি আই (এম) নেতাৰ চান মামুদ আহমেদে বিজ্ঞাপন প্ৰস্তুত কৰি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Embankment collapsed: ছিপাঝাৰত ননৈয়ে ছিঙিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.