ETV Bharat / state

Deshvakti Divas in Assam : বৰপেটাত জিলা প্ৰশাসনৰ দেশভক্তি দিৱস পালন

author img

By

Published : Jul 28, 2022, 7:53 PM IST

Barpeta
Barpeta

বৰপেটা ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দেশভক্তি দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ, ড৹ দীনেশ বৈশ্য আৰু বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত (Deshvakti Divas observed in Barpeta)।

বৰপেটা, ২৮ জুলাই: আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক স্মৃতি দিৱস (Tarun Ram Phukan 83rd death anniversary) । এই উপলক্ষে বৰপেটাত এই দিনটো দেশভক্তি দিৱসৰূপে পালন কৰা হয় (Deshvakti Divas observed in Barpeta) ।

বৰপেটাত জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দেশভক্তি দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ, ড৹ দীনেশ বৈশ্য আৰু বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত (Barpeta District Administration Desvvakti Divas observed) । বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত অক্ষয় কুমাৰ মিশ্ৰই তৰুণৰাম ফুকনৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু দায়বদ্ধতাক অনুকৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় ।

বৰপেটাত জিলা প্ৰশাসনৰ দেশভক্তি দিৱস পালন

আনহাতে, ড৹ দীনেশ বৈশ্যই দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰ বহুল প্ৰচাৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই (ADC Barpeta Lakhimi Dutta present Deshvakti Divas) এই দিৱসটো পালনত ছাত্ৰ-ছাত্ৰী তথা যুৱ সমাজক অধিক জড়িত কৰাবলৈ বৰপেটা জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে ।

উল্লেখ্য,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ বৰ্ষৰ পৰা প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুতিথিটো ৰাজ্যত দোশভক্তি দিৱস হিচাবে পালনৰ কথা ঘোষণা কৰে । প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন কৰা ২০২১ বৰ্ষত (Chief Minister Himanta Biswa Sarma declared Deshvakti Divas) । তৰুণৰাম ফুকনৰ জীৱন আৰু আদৰ্শ তথা দেশভক্তিৰ যি অতুলনীয় নিদৰ্শন সেয়া যুৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবেই অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক দেশভক্তি দিৱস হিচাবে পালনৰ কথা অসম চৰকাৰে ঘোষণা কৰে (Deshvakti Divas announced by Assam Government in 2021) ।

উল্লেখ্য, দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ২২ জানুৱাৰী, ১৮৭৭ চনত । আৰু তেওঁৰ মৃত্যু হয়, ২৯ জুলাই ১৯৩৯ চনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.