ETV Bharat / state

মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন দেবব্ৰত শইকীয়াৰ

author img

By

Published : Jan 8, 2021, 7:37 PM IST

বিজেপি চৰকাৰক সমালোচনা কৰি শইকীয়াই কয় যে,বিজেপি চৰকাৰ খনক কেৱল মন্দিৰ নিৰ্মাণৰ চৰকাৰ । লগতে তেঁও কয় যে,কংগ্ৰেছে লোৱা আঁচনিৰ কিছু কামহে বিজেপিয়ে কৰিছে । দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত বিজেপিৰ কোনো অৱদান নাছিল । অথচ সম্প্ৰতি বিজেপিয়ে বৃটিছৰ দৰে দুখীয়াক শোষণ আৰম্ভ কৰা বুলি ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰ খনক ।

মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন দেবব্ৰত শইকীয়াৰ
মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন দেবব্ৰত শইকীয়াৰ

জনীয়া,8 জানুৱাৰীঃ শুকুৰবাৰে কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়াই উত্তৰ অভয়াপুৰী সমষ্টিৰ নাম্বাৰপাৰাৰ মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শনৰ কৰাৰ পাছতে নাম্বাৰপাৰা পানী যোগান আঁচনি চৌহদত এখন সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে দেবব্ৰত শইকীয়াই । বিজেপি চৰকাৰক সমালোচনা কৰি শইকীয়াই কয় যে,বিজেপি চৰকাৰ খনক কেৱল মন্দিৰ নিৰ্মাণৰ চৰকাৰ । লগতে তেওঁ কয় যে,কংগ্ৰেছে লোৱা আঁচনিৰ কিছু কামহে বিজেপিয়ে কৰিছে । দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত বিজেপিৰ কোনো অবদান নাছিল । অথচ সম্প্ৰতি বিজেপিয়ে বৃটিছৰ দৰে দুখীয়াক শোষণ আৰম্ভ কৰা বুলি ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ।

মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন দেবব্ৰত শইকীয়াৰ

একেদৰে সভাখনত উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ভাষণ প্ৰসংগত কয় যে,নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকক প্ৰমাণ পত্ৰ দিয়াৰ পোষকতা কৰে ৷ লগতে তেওঁ গৰাখহনীয়া লোকে প্ৰমাণ পত্ৰ পোৱাৰ ক্ষেত্ৰত গৰাকীয়ে সংগ্ৰাম কৰি যাব বুলি কয় ।

লগতে পঢ়কঃ 21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.