ETV Bharat / state

বৰপেটাৰ গনককুছি সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

author img

By

Published : Sep 15, 2022, 7:19 PM IST

আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th death anniversary of Madhavdev)। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে গুৰুজনাক । চাৰি প্ৰসংগীয়া পালনামত গুৰু বন্দনাৰে বন্দিত বৰপেটাৰ গনককুছি সত্ৰ । গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গনককুছি সত্ৰ মুখৰিত হৈ পৰিল হৰিনামৰ ধ্বনিৰে ৷

426th death anniversary of Madhavdev
বৰপেটাৰ গনককুছি সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

বৰপেটা, ১৫ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি(426th Death anniversary of Madhavdev)। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে গুৰুজনাক । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ তথা নামঘৰসমূহ । মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিস্থা কৰা গনককুছিতো তিৰোভাৱ তিথি পালন কৰা হয় ।

বৰপেটাৰ গনককুছি সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

উল্লেখ্য় যে মহাপুৰুষ মাধৱদেৱে বৰপেটা,সুন্দৰীদিয়া আদি সত্ৰৰ লগতে গনককুছিতো সত্ৰ(Death anniversary of Madhavdev in Gankakusi)স্থাপন কৰি ১৮ বছৰ ৬ মাহ কাল নিৱাস কৰিছিল ৷ মাধৱদেৱ গুৰুৰ পদৰঞ্জিত গনককুছি সত্ৰতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjit Kumar Dass at Gankakusi)গনককুছি সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱা নিবেদন কৰে ৷

মন্ত্ৰী দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Mahapurush Srimanta Sankaradeva)গুৰুজনাই প্ৰস্তুত কৰা বৃন্দাৱনী বস্ত্ৰ(Vrindavani Bastra)সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ ইংলণ্ড আৰু পেৰিচৰ মিউজিয়ামত সংৰক্ষিত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনা সম্পৰ্কত ফ্ৰাঞ্চৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ চুক্তি এখনৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ভাৰত চৰকাৰৰ এটা সংস্থাই কাম আগবঢ়াই থকা বুলি উল্লেখ কৰে ৷ পেৰিচৰ মিউজিয়ামত থকা বস্ত্ৰখন অসমলৈ প্ৰদৰ্শনৰ বাবে আনিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে বাজেটত ১কোটি টকাৰ ধাৰ্য কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷

ইপিনে,সমগ্ৰ ৰাজ্যৰ সত্ৰ,নামঘৰ,ৰাজহুৱা অনুষ্ঠান আদিৰ লগতে সত্ৰনগৰী বৰপেটাতো পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ৷ বৰপেটা সত্ৰৰ(Barpeta Satra)প্ৰতিষ্ঠাতা মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে সত্ৰখনত ভকতৰ অংশগ্ৰহনেৰে প্ৰসংগ অনুষ্ঠিত হয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ মুখৰিত হৈ পৰে হৰিনাম ধ্বনিৰে ৷ ইপিনে,সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰীয়া ৰীতি অনুসৰি সত্ৰৰ গায়ন,বায়ন,ঘোষা কীৰ্তনীয়া,ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি তালভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবেই মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ(Kirtan Mahotsav in Barpeta Satra)বুলি কোৱা হয় ৷

লগতে পঢ়ক:মাধৱদেৱৰ তিৰোভাৱ তিথি : গুৰু বন্দনাৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.