ETV Bharat / state

চাকৰিত নিযুক্তিৰ দাবী: চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : May 27, 2021, 10:35 PM IST

ctet-candidate-protest
চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

বৃহস্পতিবাৰে বৰপেটাৰোড ষ্টেডিয়ামত চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবাদত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকো নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী প্ৰাৰ্থীসকলৰ ৷

বৰপেটাৰোড,27 মে’ : বৰপেটাৰোডত বৃহস্পতিবাৰে চৰকাৰ তথা ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৷ প্ৰতিবাদযোগে ৰাজ্যৰ টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ দৰে কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকো নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক দাবী জনাইছে নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলে ৷

চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

বৰপেটাৰোডৰ চি-টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে বৰপেটাৰোড ষ্টেডিয়ামত একত্ৰিত হৈ আমাকো নিযুক্তি দিয়ক, চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীক বঞ্চিত কৰা নচলিব, অসম টেট উত্তীৰ্ণক নিযুক্তি দিয়াৰ দৰে চি-টেট উত্তীৰ্ণকো নিযুক্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

লগতে পঢ়ক : বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনক সহায়ৰ হাত আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.