ETV Bharat / state

মন্দিয়াত আয়োজন CPI (M) ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান

author img

By

Published : Sep 11, 2022, 6:19 PM IST

CPI M gan abhibartana held at mandia
মন্দিয়াত আয়োজন CPI (M) ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান

দেওবাৰে বৰপেটাৰ মন্দিয়াত আয়োজন কৰা হয় CPI (M) ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান (CPI M gan abhibartana held at mandia) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, প্ৰাক্তন বিধায়ক হেমেন দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে বহু গণ্য মান্য ব্যক্তি ৷

বৰপেটা, ১১ ছেপ্টেম্বৰ : দেওবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত আয়োজন কৰা হয় CPI (M)ৰ উদ্যোগত ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান (CPI M gan abhibartana held at mandia) ৷ ৰাজ্যখনৰ চৰ-চাপৰি অঞ্চলত বসবাস কৰি অহা মূলতঃ সংখ্যালঘু নাগৰিকসকলৰ মৌলিক সমস্যাসমূহক লৈ বৰপেটাৰ মন্দিয়াত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷

CPI (M) ৰ দুই বৰ্ষীয়ান নেতা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হেমেন দাসৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ আৰু দলটোৰ বহু কেইগৰাকী নেতা-কৰ্মীৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে উক্ত আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷

এই আলোচনাকালতে অভিৱৰ্তনত CPI (M) ৰ নেতৃত্বই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ বিশেষকৈ চৰ-চাপৰিৰ মাটি জৰীপৰ বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ৷ লগতে উক্ত আলোচনা চক্ৰৰ পৰাই অসম চৰকাৰক চৰ-চাপৰিৰ মাটিৰ পট্টা প্ৰদানৰ দাবী জনাই CPI (M)ৰ সদস্যই ।

মন্দিয়াত আয়োজন CPI (M) ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান

লগতে পঢ়ক : ভিক্টৰক সাক্ষাৎ কৰাত বাধা: আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই

ইয়াৰ উপৰিও উক্ত আলোচনা চক্ৰত চৰ-চাপৰিত বেংকৰ কোনো শাখা নথকা, উচ্চ শিক্ষাৰ বাবে কোনো মহাবিদ্যালয় স্থাপন নকৰা বিষয় সম্পৰ্কেও আলোচনা কৰা হয় ৷ আনহাতে, উক্ত আলোচনা চক্ৰতে চৰ চাপৰিৰ সংখ্যালঘুসকলক লৈ ৰাজনীতি কৰা AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে বৰ্ষীয়ান CPI (M) ৰ নেতা হেমেন দাসে ৷

পূৰ্বেও এ এফ গোলাম ওচমানিৰ UMF বা আজিৰ AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলেও সংখ্যালঘু মানুহৰ সমস্যাক লৈ কোনো ধৰণে মাত নামাতে বুলিও মন্তব্য কৰে হেমেন দাসে ৷ উল্লেখ্য যে, উক্ত অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱে ২০২৪ চনৰ ৰাজনীতিত (2024 elections in India) কিবা প্ৰভাৱ পেলাব, সেয়াহে হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : Bengaluru fraud case : প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ মন্ত্ৰী পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.