ETV Bharat / state

বৰপেটাৰোডত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰ্তকিত মন্তব্য

author img

By

Published : Aug 15, 2022, 10:12 PM IST

স্বাধীনতা দিৱসৰ দিনা বৰপেটাৰোডত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ বৰপেটা জিলা সমিতি আৰু বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ৭৫ ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকালৈ পদযাত্ৰা কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে (March on Independence Day ) ৷

March on Independence Day in  Barpeta road
বৰপেটাৰোডত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰ্তকিত মন্তব্য

বৰপেটাৰোড 15 আগষ্ট: স্বাধীনতা দিৱসৰ দিনা বৰপেটাৰোডত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বৰপেটা জিলা সমিতি আৰু বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ৭৫ ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকালৈ পদযাত্ৰা কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে (March on Independence Day) ৷

পদযাত্ৰাত অংশলৈ হিন্দুত্ববাদী নেতা গৰাকীয়ে কয়, "গীতা, মহাভাৰতত ছয় প্ৰকাৰ আততায়ীৰ কথা কোৱা হৈছে ৷ সেয়েহে যেতিয়ালৈকে মুছলমানৰ আততায়ীৰ স্বভাৱটো থাকিব তেতিয়ালৈকে চোৰ ডকাইতি, গো হত্যা, নাৰীৰ সতীত্ব হৰণ, ভূমি বেদখল, ঘৰত জুই দিয়া এইবোৰ চলি থাকিব ৷ এই আততায়ীবোৰক আমি বিনাশ কৰিব লাগিব ৷ আমাৰ সভ্যতা সংস্কৃতি, ধৰ্মৰ প্ৰাণ কেন্দ্ৰসমূহ আমি ৰাখিব লাগিব ৷ বৰপেটাৰোডৰ এটা নামঘৰত কেইদিনমান পূৰ্বে ছাইফুল ইছলাম নামৰ এটা চোৰে যি চুৰিকাণ্ড সংঘটিত কৰিছিল, আমি সেই চোৰটোৰ ভিতৰত থকা মানবীয়তাৰ দিশটোহে বিচাৰিছোঁ ৷ সেয়া মুছলমানেই হওঁক হিন্দুৱেই হওঁক ৷"

বৰপেটাৰোডত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰ্তকিত মন্তব্য

লগতে মুছলমান মানুহৰ ভিতৰত থকা এই আততায়ীৰ স্বভাৱটো নোহোৱা হলে আমি তেওলোকক তিৰস্কাৰ নকৰো বুলি উল্লেখ কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Controversial remarks by Satya Ranjan Bora) ।

আনহাতে আলফা স্বাধীনে 76 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে দিয়া হুংকাৰৰ সম্পৰ্কত হিন্দুত্ববাদী নেতা গৰাকীয়ে কয়, সম্প্ৰতি পৰেশ বৰুৱা এজন অপ্ৰাসঙ্গিক ব্যক্তি ৷ তেওঁক লৈ ইমান চিঞৰ বাখৰ কৰি লাভ নাই । চৰকাৰে ইচ্ছা কৰিলে খেয়ালি জাল মাৰি জংঘলত থকা সকলক এটা খেয়ালিতে নোহোৱা কৰিব পাৰে ৷

পৰেশ বৰুৱা এজন অসমীয়া যুৱকৰ হত্যাকাৰী, অসমীয়া জাতিটোক হত্যা কৰিব বিচৰা এজন মানুহ বুলিহে কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.