ETV Bharat / state

শেষ মুহুৰ্তলৈকে আমি মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিম-ৰিপুন বৰা

author img

By

Published : Oct 10, 2020, 6:45 PM IST

কৃষক বিৰোধী আইনৰ প্ৰতিবাদত শনিবাৰে কংগ্ৰেছ দলে বৰপেটাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰপেটাত কেন্দ্ৰীয় ভাৱে ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷

কৃষক আইন: বৰপেটাত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী

বৰপেটা, 10অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইনৰ প্ৰতিবাদত বৰপেটাত কংগ্ৰেছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষক বিৰোধী আইনৰ প্ৰতিবাদত শনিবাৰে কংগ্ৰেছ দলে বৰপেটাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷বৰপেটাত কেন্দ্ৰীয়ভাৱে ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ প্ৰতিবাদকাৰী সকলে বৰপেটা দঙৰকুছিৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ট্ৰেক্টৰ চলাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ লগতে কৃষক সকলেও নাঙল যুৱলি লৈও প্ৰতিবাদ কৰে ৷ প্ৰতিবাদী সমদলটো দঙৰকুছিৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হয় ৷

আনহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আবৰ্ত ভৱনৰ সন্মুখত বাধা প্ৰদান কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত বৰপেটাৰ সাংসদ আব্দুল খালেক, চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ,সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ,পশ্চিম গোৱালপাৰা বিধায়ক ৰছিদ মণ্ডলো উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সতে হোৱা মুখামুখিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়-এ জে পি আৰু ৰাইজৰ দলৰ সৈতে আমাৰ সঘনাই যোগাযোগ চলি আছে । তেওঁলোকৰ কিছু ৰিজাৰ্ভেচন আছে যদিও তেওঁলোকে ৰাজহুৱাভাবে কৈছে যে কংগ্ৰেছৰ সৈতে আমি জোটবন্ধন কৰিবলৈ মান্তি নহয় কিন্তু শেষ মুহুৰ্তলৈকে আমি মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিম ৷ আৰু তেওঁলোকে সিদ্ধান্ত সলনি কৰিলেই জোটবন্ধনত অংশীদাৰ হ'ব পাৰিব ৷

ইফালে বিজেপিৰ সৈতে হলিগলি কৰাৰ বাবে ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথক বহিস্কাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে ৷২১ ত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী ৰিপুন বৰাৰ । লগতে আব্দুল খালেকে দাবী কৰে যে, বিজেপিৰ চৰকাৰৰ দিনত এটাৰ পিছত এটা কেলেংকাৰী সংঘটিত হৈছে ৷ এচ আই কেলেংকাৰীত বিজেপি মন্ত্ৰী বিধায়ক জড়িত আছে ৷ ন্যায়িক তদন্তত আচল সত্য ওলাই পৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.