ETV Bharat / state

বৰপেটাত মুকলি জীৱন কানন !

author img

By

Published : Jan 31, 2020, 7:49 PM IST

অনাথ,পৰিত্যক্ত আৰু আশ্ৰয়হীন শিশুসকলক অভিভাৱকৰ মৰম আৰু আশ্ৰয়েৰে এটা সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ স্বাৰ্থত শুকুৰবাৰে বৰপেটা চহৰত মুকলি কৰা হয় জীৱন কানন নামৰ এটা শিশু আশ্ৰয়গৃহ ৷ বৰপেটাৰ ছানৰাইজ চ’ছাইটি ফৰ চ’ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত স্থাপন কৰা আশ্ৰয়গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

জীৱন কানন
আশ্ৰয়গৃহ মুকলি

বৰপেটা,৩১জানুৱাৰীঃ অনাথ,পৰিত্যক্ত আৰু আশ্ৰয়হীন শিশুসকলক অভিভাৱকত্বৰ মৰম আৰু আশ্ৰয়েৰে এটা সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ স্বাৰ্থত শুকুৰবাৰে বৰপেটা চহৰত মুকলি কৰা হয় জীৱন কানন নামৰ এটা শিশু আশ্ৰয়গৃহ ৷ বৰপেটাৰ ছানৰাইজ চ’ছাইটি ফৰ চ’ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত স্থাপন কৰা আশ্ৰয়গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ চহৰখনৰ কেইবাগৰাকী নৱ প্ৰজন্মৰ যুৱকৰ সামুহিক প্ৰচেষ্টাত গঢ় লৈ উঠা আশ্ৰয়গৃহটো মুকলি কৰে কলাগুৰু বঁটাপ্ৰাপক,বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

আশ্ৰয়গৃহ মুকলি

বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আশ্ৰয়গৃহটো মুকলি কৰি অক্ষয় কুমাৰ মিশ্ৰই স্বেচ্ছাসেৱী সংস্থাটোৰ সৈতে জড়িত যুৱকসকলৰ এই মহৎ কাৰ্যৰ শলাগ লয় ৷ আনহাতে,অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত গৰাকীয়ে অনাথসকলক আশ্ৰয় দিব পৰাতো আটাইতকৈ সজ আৰু পূণ্যৰ কাম বুলি অভিহিত কৰে ৷ লগতে আশ্ৰয়গৃহটোৰ বাবে প্ৰয়োজনীয় ভূমি তথা ভৱনৰ বাবে সকলো ধৰণে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ অনুষ্ঠানটোত বৰপেটা সাহিত্য সভাৰ সভাপতি ডাঃ কমলকৃষ্ণ দাস,প্ৰদীপ দাসকে ধৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে চাওকঃকণী উৎপাদেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মৰাণৰ ধন বাহাদুৰ চেত্রীয়ে

Intro:

বৰপেটা, ৩১জানুৱাৰীঃ অনাথ, পৰিত্যক্ত আৰু আশ্ৰয়হীন শিশুসকলক অভিভাৱকত্বৰ মৰম আৰু আশ্ৰয়েৰে এটা সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ উদ্দেশ্যৰে আজি বৰপেটা চহৰত মুকলি কৰা হয় 'জীৱন কানন' নামৰ শিশুৰ এটা আশ্ৰয় গৃহ ৷ বৰপেটাৰ ছানৰাইজ চ'ছাইটি ফৰ চ'ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত স্থাপন কৰা আশ্ৰয়গৃহটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ Body:বৰপেটা চহৰৰ কেবাগৰাকীও নৱ প্ৰজন্মৰ যুৱকৰ সামুহিক প্ৰচেষ্টাত গঢ় লৈ উঠা এই অনাথ শিশুৰ আশ্ৰয়গৃহটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কলাগুৰু বঁটাপ্ৰাপক, বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কেবাগৰাকীও বিশিষ্ঠ লোকৰ উপস্থিতিত আশ্ৰয়গৃহটো মুকলি কৰি অক্ষয় কুমাৰ মিশ্ৰই স্বেচ্ছাসেৱী সংস্থাটোৰ সৈতে জৰিত যুৱকসকলৰ এনে মহৎ কাৰ্যৰ শলাগ লয় ৷ আনহাতে অনুষ্ঠানটোত অংশগ্ৰহন কৰি বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই অনাথ সকলক আশ্ৰয় দিব পৰাতো আটাইতকৈ সজ আৰু পূন্যৰ কাম বুলি অভিহিত কৰে ৷ আনহাতে শিশুৰ আশ্ৰয় গৃহটোৰ বাবে প্ৰয়োজনীয় মাটি ভৱনৰ বাবে সকলো ধৰনৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ অনুষ্ঠানটোত বৰপেটা সাহিত্য সভাৰ সভাপতি ডাঃ কমলকৃষ্ণ দাস, প্ৰদীপ দাস আদিকে ধৰি কেবাগৰাকীও বিশিষ্ঠ লোক উপস্থিত থাকে ৷

Conclusion:বাইটঃ জিলা উপায়ুক্ত ,বৰপেটা ৷
বাইটঃ অক্ষয় কুমাৰ মিশ্ৰ ৷

--- বাপকন দাস, বৰপেটা ৷
RUT FORMATAT পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.