ETV Bharat / state

চেঙা সমষ্টিত শুকুৰ আলী ইতিহাস হৈ ৰব: ৰবিউল হুছেইন

author img

By

Published : Mar 13, 2021, 3:43 PM IST

চেঙা সমষ্টিত এতিয়াও মিত্ৰজোঁট অগপই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কিন্তু গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱাত ৰবিউল হুছেইনে এক বৃহৎ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰিলে চেঙাৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল ৷

গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি
গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি

বৰপেটা,১৩ মাৰ্চ: চেঙাত এইবাৰ শুকুৰ আলী আহমেদৰ বেলি মাৰ যাব ৷ চেঙা সমষ্টিত বিধায়ক শুকুৰ আলী আহমেদ ইতিহাস হৈ ৰব ৷ এইবুলি শনিবাৰে কংগ্ৰেছ বিধায়ক শুকুৰ আলী আহমেদৰ বিৰুদ্ধে গৰজি উঠে চেঙা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ৰবিউল হুছেইন ৷

গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি
গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি

সমষ্টিটোত এতিয়াও মিত্ৰজোঁট অগপই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কিন্তু আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই চেঙাত শক্তি প্ৰদৰ্শন কৰে অগপই ৷ প্ৰাপ্ত তথ্য অনুসৰি, চেঙা সমষ্টিৰ বাবে ইতিমধ্যে টিকট লাভ কৰিছে প্ৰাৰ্থী ৰবিউল হুছেইনে ৷ যাৰ বাবে শনিবাৰে চেঙা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ৰবিউল হুছেইনক বৰপেটাৰ গৰৈমাৰীত বিপুল আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱাত ৰবিউল হুছেইনে এক বৃহৎ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰিলে চেঙাৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল ৷

গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি

আনহাতে, সাংবাদিকৰ আগত অগপ প্ৰাৰ্থী হুছেইনে কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদক তীব্ৰ সমালোচনা কৰে ৷ চেঙাৰ ৰাইজে শুকুৰ আলীৰ ২০ বছৰীয়া কাৰ্যকালৰ হিচাপ নিকাচ ল’ব বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী গৰাকীয়ে ৷ চেঙা সমষ্টিৰ বান খহনীয়াকে ধৰি, বাটপথৰ উন্নয়ন আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থী ৰবিউল হুছেইনে ৷

গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি
গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি

লগতে পঢ়ক: দিছপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.