ETV Bharat / state

এদিনত 35000 টকাৰ জৰিমণা বিহিলে যান-বাহন আইন ভংগকাৰীক

author img

By

Published : Sep 6, 2020, 4:10 AM IST

শনিবাৰে ৰাতিপুৱাৰে পৰা বৰপেটা আৰক্ষীয়ে নিৰ্দেশনা নমনা একাংশ লোকৰ বিৰুদ্ধে ল’লে ব্যৱস্থা ৷ মাক্স পৰিধান নকৰা লোকক ৫০০ টকাকৈ জৰিমণা বিহে আৰক্ষীয়ে ৷ এই অভিযানত বৰপেটা আৰক্ষীয়ে প্ৰায় ৩৫,০০০ টকা জৰিমনা কৰে বুলি জানিবলৈ দিয়ে ৷

borpeta police
traffic law

বৰপেটা ৫ ছেপ্টেম্বৰ : মাক্স পৰিধান নকৰা আৰু যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ আভিযান ৷ বৰপেটা পাঁচআলি চ'কত আৰক্ষীৰ এই অভিযান ৷ বৰপেটা আৰক্ষীৰ যান-বাহন শাখাৰ উপপৰিদৰ্শক মুনিন্দ্ৰ দাসৰ নেতৃত্বত চলে অভিযান ৷ আন লক 4.0 ঘোষণাৰ পাচতে তৎপৰতা বৰপেটা আৰক্ষীৰ ৷ কোভিড-১৯ সংক্ৰমণৰ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি মাক্স পৰিধান কৰা বাধ্যতামূলক কৰিছে চৰকাৰে ৷ কিন্তু চৰকাৰী নিৰ্দেশনাৰ প্ৰতি গুৰুত্ব নাই একাংশ জনসাধাৰণৰ ৷

এদিনত 35000 টকাৰ জৰিমণা বিহিলে যান-বাহন আইন ভংগকাৰীক
শনিবাৰে ৰাতিপুৱাৰে পৰা বৰপেটা আৰক্ষীয়ে নিৰ্দেশনা নমনা একাংশ লোকৰ বিৰুদ্ধে ল’লে ব্যৱস্থা ৷ মাক্স পৰিধান নকৰা লোকক ৫০০ টকাকৈ জৰিমণা বিহে আৰক্ষীয়ে ৷ এই অভিযানত বৰপেটা আৰক্ষীয়ে প্ৰায় ৩৫,০০০ টকা জৰিমনা কৰে বুলি জানিবলৈ দিয়ে ৷ অনাগত দিনটো এনেধৰণৰ অভিযান চলাই থাকিব বুলি জনালে আৰক্ষীয়ে ৷

লগতে পঢ়ক : দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.