ETV Bharat / state

জনীয়াত বেঁকী নৈৰ খহনীয়াৰ তাণ্ডৱ

author img

By

Published : Jun 8, 2019, 2:50 PM IST

বেঁকী নৈত অব্যাহত খহনীয়াৰ তাণ্ডৱ

কলগাছিয়াৰ সুঁতিৰপথাৰ গাঁৱত অব্যাহত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া ৷ মানচিত্ৰৰ পৰা নিশ্চিহ্ন হোৱাৰ পথত সুঁতিৰপথাৰ গাঁও ৷

জনীয়া, ৮ জুনঃ জনীয়া বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ । বৰডাংগা, কামাৰপাৰা, কৰাৰকুৰত অব্যাহত আছে বেঁকী নৈৰ খহনীয়া । বেঁকীনৈৰ এই খহনীয়াই সম্প্ৰতি নিদ্ৰাহৰণ কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুঁতিৰপথাৰ গাঁৱৰ ৰাইজৰ । বিগত চাৰি বছৰ ধৰি হৈ থকা খহনীয়াৰ ফলত এখন বিদ্যালয়, সুঁতিৰপথাৰ বজাৰকে ধৰি সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী ইতিমধ্যেই বেঁকী নৈৰ বুকুত জাহ গৈছে । কিন্তু বিগত কেইদিনমানৰ পৰা বেঁকী নৈয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি প্ৰত্যেক দিনাই নৈখনৰ বুকত জাহ যাবলৈ ধৰিছে বিঘাই বিঘাই মাটি ।

বেঁকী নৈত অব্যাহত খহনীয়াৰ তাণ্ডৱ

যাৰ বাবে সুঁতিৰপথাৰ গাঁওখনৰ লগতে সহস্ৰাধিক পৰিয়াল আৰু এখন প্ৰাথমিক বিদ্যালয় বেঁকী নৈৰ বুকুত জাহ যোৱাৰ আশংকাত শংকিত হৈ পৰিছে ৰাইজ । বিগত কেইবাবছৰ ধৰি এই গাঁওখন খহনীয়াৰ কৱলত পৰিছে যদিও স্থানীয় বিধায়ক, সাংসদ, বৰপেটা জিলা প্ৰশাসনে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে অসম চৰকাৰক বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধ কৰি সুঁতিৰপথাৰ গাঁওখন ৰক্ষা কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Intro:slug: as_jania_8jun_sutirpather_erosion_special_story_vis3+byt3+pho1_asc10058

জনীয়া, ৮ জুন: কলগাছিয়াৰ সুতিৰপথাৰ গাঁওত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া অব্যাহত। এনেদৰে খহনীয়া অব্যাহত থাকিলে মানচিত্ৰৰ পৰা নিশ্চিহ্ন হব সুতিৰপথাৰ গাঁও।Body:slug: as_jania_8jun_sutirpather_erosion_special_story_vis3+byt3+pho1_asc10058

জনীয়া সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। এবাৰ যদি বৰডাঙ্গা, কামাৰপাৰাত বেঁকী নৈৰ খহনীয়া হৈছে আকৌ এবাৰ হৈছে কৰাৰকুৰত। কিন্তু এই বেঁকী নৈৰ খহনীয়াই সম্প্ৰতি নিদ্ৰাহৰণ কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপথাৰ গাঁওৰ ৰাইজৰ। বিগত চাৰি বছৰ ধৰি হৈ থকা খহনীয়াৰ ফলত এখন বিদ্যালয়, সুতিৰপথাৰ বজাৰকে ধৰি সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী ইতিমধ্যেই বেঁকী নৈৰ বুকুত জাহ গৈছে। কিন্তু যোৱা কেইদিন মানৰ পৰা বেঁকী নৈয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি প্ৰত্যেক দিনাই নৈখনৰ বুকত জাহ যাবলৈ আৰম্ভ কৰিছে বিঘাই বিঘাই মাটি। যাৰ বাবে সুতিৰপথাৰ গাঁওখনৰ লগতে সহস্ৰাধিক পৰিয়াল আৰু এখন প্ৰাথমিক বিদ্যালয় বেঁকী নৈৰ বুকুত জাহ যাব বুলি শংকিত হৈ পৰিছে ৰাইজ। এই ক্ষেত্ৰত এই গাঁওৰ ৰাইজে কয় যে, বিগত কেবাবছৰ ধৰি এই গাঁওখন খহনীয়াৰ কৱলত পৰিছে যদিও স্থানীয় বিধায়ক, সাংসদ, বৰপেটা জিলা প্ৰশাসনে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে অসম চৰকাৰক বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধ কৰি সুতিৰপথাৰ গাঁওখন ৰক্ষা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।Conclusion:slug: as_jania_8jun_sutirpather_erosion_special_story_vis3+byt3+pho1_asc10058

মন্তব্য: সুতিৰপথাৰ গাঁওৰ ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.