কলগাছিয়াত বেঁকী নৈৰ বুকুত বিলীন 15 টাকৈ পৰিয়ালৰ ঘৰ-ভেটি

author img

By

Published : Jun 4, 2021, 9:25 PM IST

erosion in kalgachia

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ খাৰবাল্লী আৰু সুঁতিৰপাথাৰ গাঁৱৰ 15 টাকৈ পৰিয়ালৰ মাটি-ভেটি বেঁকী নৈৰ বুকুত জাহ গৈছে ৷ ফলত আশ্ৰয়হীন হৈ পৰিছে পৰিয়াল কেইটা ৷

জনীয়া,4 জুন : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেঁকী নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়াৰ ৷ চপৰা-চপৰে গৰা খহাত খাৰবাল্লী আৰু সুঁতিৰপাথাৰ গাঁৱৰ 15 টাকৈ পৰিয়ালৰ মাটি-ভেটি বেঁকী নৈৰ বুকুত জাহ যোৱাৰ ফলত নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ।

erosion in kalgachia
কলগাছিয়াত গৰাখহনীয়া

ইফালে, বেঁকী নৈৰ প্ৰৱল সোঁতৰ ফলত চকুৰ পচাৰতে খহাই নিছে খেতি পথাৰৰ লগতে শস্যভূমি । যাৰ ফলস্বৰূপে কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা মৰাপাট খেতি জাহ গৈছে নৈৰ বুকুত । উল্লেখ্যে যে, বিগত বছৰতো বেঁকী নৈৰ খহনীয়াৰ ফলত গাঁওখনৰ 70 টাকৈ পৰিয়াল গৃহহীন হ’বলগীয়া হৈছিল ৷

erosion in kalgachia
কলগাছিয়াত গৰাখহনীয়া

এইবেলিও বাৰিষাৰ আৰম্ভণিতে 15 টাকৈ পৰিয়ালৰ ঘৰ-বাৰী বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজাৰিকাক শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : মৰাণ চহৰত সপ্তাহত দুবাৰকৈ চেনিটাইজেশ্বন কৰিব আছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.