ETV Bharat / state

Mahapurush Madhabdev Tithi: বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 1:19 PM IST

আজি 427 সংখ্যক মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ ৷ বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন ৷ বৰপেটা সত্ৰত 10 দিনীয়াকৈ পালন কৰা হৈছে কীৰ্তন মহোৎসৱ ৷

Tithi of Mahapurush Madhabdev 2023
বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

বৰপেটা, 4 ছেপ্তেম্বৰ: আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্যতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ 427 সংখ্যক তিৰোভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ ৷ মহাপুৰুষ মাধৱদেৱে স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো আজি মহাসমাৰোহেৰে পালন কৰা হয় মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷

কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আজি অগনন ভক্ত বৈষ্ণৱৰ সমাগম হয় ৷ গুৰুজনাৰ প্ৰতি সেৱা জনোৱাৰ বাবে পুৱাৰে পৰাই সত্ৰত ভিৰ কৰে ভক্তসকল ৷ পুৱাৰ পৰাই আজি সত্ৰত অনুষ্ঠিত হয় নাম-প্ৰসংগ ৷ কৃষ্ণ নাম ধ্বনিৰ ৰসেৰে মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷ আজি পুৱাৰ পৰাই বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে সত্ৰৰ ভকতসকলে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷ বৰপেটা সত্ৰত পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষে চৈধ্য প্ৰংসগৰ উপৰিও নিত্য নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হয় ৷

আনহাতে, সত্ৰৰ গায়ন-বায়ন, ঘোষা-কীৰ্তনীয়া, ব্যাস-কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াক তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি অবিৰতভাৱে কীৰ্তন কৰি অহাৰ বাবে মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় ৷ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ বিয়লি সত্ৰত ঘোষা কীৰ্তন, ব্যাস কীৰ্তন পৰিবেশন কৰাৰ লগতে দক্ষিণহাটীৰ বাপুসকলে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব ৷

লগতে পঢ়ক:Tithi of Sri Sri Madhab Dev : হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.