ETV Bharat / state

নকল সোণৰ বেপাৰ কৰি 27 লাখ টকাসহ আৰক্ষীৰ জালত ছাহজাহান

author img

By

Published : Jun 25, 2022, 7:43 PM IST

Fake gold smuggler in Barpeta
নকল সোণৰ বেপাৰ কৰি 27 লাখ টকাসহ আৰক্ষীৰ জালত ছাহজাহান

বৰপেটাৰ এজন নকল সোণৰ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 27 লাখ 11 হাজাৰ 480 টকা ৷ নকল সোণেৰে প্ৰৱঞ্চনা কৰি অহা বেপাৰীজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটা, ২৫ জুন: জাপে জাপে টকা উদ্ধাৰ কৰা হৈছে সোণৰ এজন চোৰাং ব্যৱসায়ীৰ পৰা ৷ বৰপেটাৰ ছাহজাহান আলী নামৰ নকল সোণৰ ব্যৱসায়ীজনে লুকুৱাই ৰখাৰ অৱস্থাত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ধনৰাশি ৷

মেঘালয় আৰক্ষীৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে শনিবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছাহজাহান আলী নামৰ নকল সোণৰ ব্যৱসায়ীজনক (Fake gold smuggler in Barpeta)৷ ধৃত ছাহজাহান আলীৰ ঘৰ বৰপেটাৰ গৰৈমাৰীৰ বানিয়াৰাপাৰা গাঁৱত বুলি জানিব পৰা গৈছে ৷ ছাহজাহান আলীয়ে ম্যানমাৰৰ পৰা অহা সোণৰ চোৰাং সৰবৰাহ কৰি অহা বুলি জানিব পৰা গৈছে ৷

ধৃত ছাহজাহান আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ২৭ লাখ ১১ হাজাৰ ৪৮০ টকা ৷ ঘৰৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় টকাখিনি ৷

উল্লেখ্য যে, শুকুৰবাৰে মেঘালয় আৰক্ষীয়ে শ্বিলঙত গ্ৰেপ্তাৰ কৰিছিল যশু মিঞা নামৰ আন এজন সোণৰ চোৰাং ব্যৱসায়ীক (Meghalaya police arrested fake gold smuggler) ৷ যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মেঘালয় আৰক্ষীৰ খবৰৰ ভিত্তিত অভিযান চলাই বৰপেটাৰ বানিয়াৰাপাৰা গাঁৱৰ পৰা ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (Barpeta Police)৷

প্ৰাপ্ত তথ্য মতে, ইতিমধ্যে মেঘালয় আৰক্ষীৰ এটা দল বৰপেটা সদৰ থানাত উপস্থিত হৈছে ৷ শনিবাৰ অৰ্থাৎ আজি মেঘালয় আৰক্ষীয়ে ধৃত ছাহজাহান আলীক নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ডিফুত প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জ্বলালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.