ETV Bharat / state

বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 19, 2021, 4:38 PM IST

মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে
মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে

মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে । শুকুৰবাৰে জিলা উপায়ুক্তৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছী নেতা ডাঃ তাৰা প্ৰসাদ দাসে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

বৰপেটা, ১৯ মাৰ্চ: শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা সমষ্টিৰ মহাজোঁট সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে ৷ ৰাজ্যখনত কংগ্ৰেছৰ ১০০ শতাংশ বিজয় নিশ্চিত সমষ্টিসমূহৰ ভিতৰত বৰপেটা সমষ্টি প্ৰথম স্থানত আছে বুলি দাবী কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ শুকুৰবাৰে বৰপেটা জিলা উপায়ুক্তৰ হাতত আব্দুৰ ৰহিম আহমেদে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হাতত কম সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ ৷

মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে

শাসনাধিষ্ঠ বিজেপি চৰকাৰ সকলো ক্ষেত্ৰতে ব্যৰ্থ হোৱা বুলি দাবী কৰি ৰাজ্যত মহাজোঁটৰ চৰকাৰ হোৱাতো নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে, কংগ্ৰেছৰ টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসে হিন্দু হোৱা বাবেই টিকট নাই পোৱা বুলি কৰা মন্তব্য কৰে । আব্দুৰ ৰহিম আহমেদে ডাঃ তাৰাপ্ৰসাদ দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া আবেগিক মন্তব্য আৰু কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ওপৰত কোনো লোকে প্ৰশ্ন উত্থাপন কৰিলেও ৰাইজে গুৰুত্ব নিদিয়ে ৷

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসক পলায়নবাদী নেতা আখ্যা দিলে আব্দুৰ ৰহিম আহমেদে । দলৰ ৰাজ্যিক সভাপতি হৈও ৰঞ্জিৎ কুমাৰ দাসে সৰভোগত প্ৰতিদ্বন্দিতা কৰাৰ সাহস গোটাব নোৱাৰি পলায়ন কৰা বুলি কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে ৰাজনীতিৰ 'অ আ ক খ' নজনা মানুহেও ৰঞ্জিৎ কুমাৰ দাস যে এটা পাম নোহোৱা বল সেয়া জানে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:গায়ন-বায়নৰ চৰণত আঠু ল'লে কংগ্ৰেছ প্ৰাৰ্থী অংকিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.