ETV Bharat / state

বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 22, 2021, 10:31 AM IST

barpeta-district-jail-turned-into-corona-hot-spot
বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ৬ গৰাকী আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে আন ৬ গৰাকী আক্ৰান্তক কাৰাগাৰতে আইচলেচনত ৰখা হৈছে ৷

বৰপেটা 22 মে’ : ডিব্ৰুগড় জিলা কাৰাগাৰৰ পিচত কৰ’ণাৰ হট স্প'টত পৰিণত হৈছে বৰপেটা জিলা কাৰাগাৰ ৷ জানিব পৰা মতে, বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ কাৰাগাৰখনৰ এগৰাকী কৰ্মচাৰীও কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ৬ গৰাকী আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে আন ৬ গৰাকী আক্ৰান্তক কাৰাগাৰৰ ভিতৰতে আইচ’লেচনত ৰখা হৈছে ৷

বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

উল্লেখ্য যে, ভৰ্তি কৰোৱা ক’ভিড আক্ৰান্ত ৩ জন বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ৩ জন আক্ৰান্ত কলগাছিয়াৰ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ জানিব পৰা মতে, ক’ভিড আক্ৰান্ত কৰ্মচাৰীজনক কাৰাগাৰতে আইচ’লেচনত ৰখা হৈছে ৷ আনহাতে, কাৰাগাৰত আইচ’লেচনত ৰখা সকলক জিলা প্ৰশাসনৰ পৰা প্ৰেৰণ কৰা চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়াইছে ৷

লগতে পঢ়ক : ৰাজ্য়ত পুনৰ ক’ভিড আক্ৰান্তৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.