ETV Bharat / state

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

author img

By

Published : Mar 2, 2021, 4:48 PM IST

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
বৰপেটা জিলা প্ৰশাসনৰ সংবাদমেল

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ ভোটাৰৰ ওজৰ আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে 1950 টোল ফ্ৰী নম্বৰ ৷

বৰপেটা,2 মাৰ্চ : বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ ভোটাৰৰ ওজৰ আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে 1950 টোল ফ্ৰী নম্বৰ ৷

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
বৰপেটা জিলা প্ৰশাসনৰ সংবাদমেল

উল্লেখ্য যে, অহা 6 এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বৰপেটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ এইবেলি 80 বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ক'ভিড আক্ৰান্ত ব্যক্তিৰ বাবে পোষ্টেল ভোটৰ সুবিধা প্ৰদান কৰা হৈছে ৷ ভোটাৰসকলৰ বাবে ঘৰে ঘৰে গৈ পোষ্টেল ভোটৰ পদ্ধতিৰে ভোটদানৰ সুবিধা কৰা হৈছে । 80 বছৰৰ উৰ্ধৰ ভোটাৰ আৰু সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰদত্ত প্ৰমানপত্ৰ থকা বিশেষভাবে সক্ষম ব্যক্তি, ক'ভিড-19 আক্ৰান্ত ব্যক্তিৰ ঘৰতে পোষ্টেল বেলট পদ্ধতিৰে ভোটদানৰ দিহা কৰা হৈছে । এই পদ্ধতি অৱশ্যে সম্পূর্ণৰূপে ঐচ্ছিক বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ বাবে ইচ্ছুক ভোটাৰসকলে ফর্ম নং 12D যোগে আবেদন কৰিব পাৰিব । পোনতে ইয়াৰ প্ৰথম দুটা শ্ৰেণীৰ ভোটাৰৰ ঘৰে ঘৰে গৈ ফর্ম নং 12D বিতৰণ আৰু পূৰণ কৰা আবেদন সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ।

বৰপেটা জিলা প্ৰশাসনৰ সংবাদমেল

বৰপেটা জিলাত এনে 80 বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা 15623 জন আৰু বিশেষভাবে সক্ষম ব্যক্তিৰ সংখ্যা 1585 জন । ইয়াৰ বাবে BLO সকলে পোনতে অহা 4 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত এনে প্ৰতিজন ভোটাৰৰ ঘৰলৈ গৈ এই ফর্ম নং 12D বিতৰণ আৰু এই পদ্ধতিত ভোটদানৰ বাবে ইচ্ছুক ভোটাৰসকলৰ পৰা পূৰণ কৰা আবেদন সংগ্ৰহ কৰিব । নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি এই আবেদন নিৰ্বাচনৰ জাননী জাৰী হোৱাৰ পাঁচদিন অর্থাৎ অহা 16 মাৰ্চৰ ভিতৰত ৰিটাৰনিং বিষাৰ ওচৰত দাখিল কৰিব পাৰিব । পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা স্থিৰ হোৱা আৰু বেলট কাকত ছপা হোৱাৰ পিছত 30 মাৰ্চৰ পৰা 3 এপ্ৰিলৰ ভিতৰত এই আবেদনকাৰীসকলৰ বাবে পোষ্টেল বেলট পদ্ধতিৰে ভোটদানৰ বাবে সকলো আবেদনকাৰীৰ ঘৰলৈ ভোট গ্ৰহনকাৰীৰ দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । পৰবর্তী পর্যায়ত এই বেলটসমূহ ডাকযোগে পোৱা বেলট গণনা কৰা পদ্ধতিৰে গণনা কৰা হ'ব । এই পদ্ধতিৰ ওপৰিও এই পদ্ধতিৰে ভোটদানৰ বাবে আবেদন নকৰা এই শ্ৰেণীৰ ভোটাৰৰ বাবে সাধাৰণভাবে EVM যোগ ভোটদানৰ পদ্ধতি অব্যাহত থাকিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : চাহৰ পাত তুলি থকা সময়ত প্ৰিয়ংকা গান্ধী লহপহীয়া হাতেৰে এটি কলি দুটি পাত ছিঙিলে প্ৰিয়ংকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.