Republic Day 2022 : বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপায়ুক্তৰ অংশগ্ৰহণ

author img

By

Published : Jan 26, 2022, 1:03 PM IST

barpeta-dc-takes-part-in-republic-day-2022-celebration

বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী (Republic Day celebration at Barpeta) ৷ বৰপেটাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷

বৰপেটা, 26 জানুৱাৰী : আজি দেশৰ 73 সংখ্যক গণৰাজ্য দিৱস ৷ অসমৰ প্ৰতিখন জিলাতে উদযাপন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ নিচেই অনুষ্টুপীয়াকৈ বৰপেটাতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচী (Republic Day celebration at Barpeta) ৷

barpeta-dc-takes-part-in-republic-day-2022-celebration
বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী

বৰপেটাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷

বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ নকৰিলে জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয়সমুহৰ এনচিচি কেডেট আৰু স্কাউট এণ্ড গাইডৰ দলে ৷ তদুপৰি কৰ’ণাৰ বাবেই সকলো প্ৰকাৰৰ সাংস্কৃতিক অনুষ্ঠান, প্ৰতীক পট প্ৰদৰ্শন, প্ৰীতি খেল বাতিল কৰি পালন কৰা হৈছে এইবেলি গণৰাজ্য দিৱস ৷

barpeta-dc-takes-part-in-republic-day-2022-celebration
বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী

লগতে চাওক: যোৰহাটত 73 তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.