ETV Bharat / state

বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা

author img

By

Published : Jan 13, 2021, 12:31 PM IST

বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা
বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা

বিগত বৰ্ষত ৰাজ্যিক কেবিনেটে বজালী মহকুমাক এখন পূৰ্ণকালীন জিলালৈ ৰূপান্তৰিত কৰাৰ এক প্ৰস্তাৱনা গৃহীত কৰিছিল ৷

নিউজ ডেস্ক, 13 জানুৱাৰী : নামনি অসমৰ শিক্ষানগৰী, নাট্যনগৰী, নিমনগৰী ৰূপে খ্যাত বজালীক পূৰ্ণকালীন জিলাৰূপে ঘোষণা কৰে ৰাজ্যপালে ৷ 12 জানুৱাৰীত ৰাজ্যপালে এই কথা ঘোষণা কৰি বজালী মহকুমাক এখন পূৰ্ণকালীন প্ৰশাসনিক জিলাৰূপে স্বীকৃতি প্ৰদান কৰে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভান্নানে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে ৷

অধিসূচনাটো ৰাজ্যৰ সকলো প্ৰশাসনিক বিভাগ আৰু জিলাসমূহ তথা মহকুমাসমূহলৈ প্ৰেৰণ কৰা হৈছে আৰু বজালী মহকুমাৰ ভিতৰত থকা চৰকাৰী কাৰ্যালয়সমূহ আগৰ দৰেই একেদৰেই কাৰ্যক্ষম হৈ থাকিব বুলি কোৱা হৈছে ৷ চৰকাৰী বিভাগসমূহৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নহয় যদিও পূৰ্বৰ বৰপেটা জিলাৰ বিপৰীতে তাৰ ঠাই ল’ব বজালী জিলাই ৷

বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা
ৰাজ্যপালৰ অধিসূচনাটো

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিগত বৰ্ষৰ আগষ্টত কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱনাক অনুমতি প্ৰদান কৰি চলিত বৰ্ষৰ 12 জানুৱাৰীত বজালী মহকুমাক পূৰ্ণকালীন প্ৰশাসনিক জিলাৰূপে ঘোষণা কৰে ৷ ইয়াৰ পিচতেই ৰাজ্যত জিলাৰ সংখ্যা 34 খনলৈ বৃদ্ধি পোৱাৰ লগতে বজালী হৈ পৰে ৰাজ্যৰ নবীনতম জিলা ৷ অধিসূচনাটোত বজালী মহকুমাৰ অন্তৰ্গত সকলো অঞ্চলেই বজালী জিলাৰ অধীনলৈ আহিব আৰু জিলা মুখ্যালয় হ’ব পাঠশালাৰ মদন ৰাউতা নগৰত ৷ ইতিমধ্যে জিলাখনত 10গৰাকী প্ৰশাসনিক বিষয়া নিযুক্তি দিয়াৰ লগতে 85 টা প্ৰশাসনিক পদবীৰ সৃষ্টি কৰি প্ৰশাসনিক দিশটোৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

বিগত বৰ্ষত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতেই বজালীবাসীয়ে ৰাজ্যপালৰ আনুষ্ঠানিক নিৰ্দেশনালৈ অপেক্ষা কৰি আছিল ৷ ভোগালী বিহুৰ পূৰ্বে ৰাজ্যপালে বজালীক আনুষ্ঠানিকভাৱে অসমৰ ৩৪ সংখ্যক জিলা হিচাপে ঘোষণা কৰাক লৈ সকলোৱে সন্তুষ্টি ব্যক্ত কৰিছে ৷

  • Today is a great day for the people of Bajali subdivision as formal notification declaring it as a district has been issued.

    I congratulate the people on this occasion. I believe this will pave way for faster development of the educational and cultural hub of Assam.

    — Sarbananda Sonowal (@sarbanandsonwal) January 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বজালীক নতুন জিলা হিচাপে ঘোষণা কৰাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে বজালীবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বজালীক জিলা হিচাপে ঘোষণা কৰাৰ পাছত জিলাখনৰ বিকাশৰ গতি অধিক তৰান্বিত হ’ব বুলি কয় ।

লগতে পঢ়ক : নলবাৰীত 24 জানুৱাৰীত বিজেপিৰ বিজয় সংকল্প সমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.