ETV Bharat / state

কলগাছিয়াত আটক চিলনী চোৰ

author img

By

Published : Mar 8, 2021, 2:07 PM IST

siloni chor in kalgasia
siloni chor in kalgasia

কলগাছিয়াত চিলনী চোৰৰ সন্ত্ৰাস ৷ আৰক্ষীয়ে আটক কৰে পশ্চিমবংগৰ কোচবিহাৰৰ এজন যুৱক ৷

কলগাছিয়া,8 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ আজি কলগাছিয়াস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কাৰ্যালয়ৰ চৌহদৰ পৰা কলগাছিয়া আৰক্ষীয়ে এজন চিলনী চোৰক আটক কৰে । জানিব পৰা মতে এজন গ্ৰাহকে বেংকৰ পৰা ধন উলিওৱাৰ সময়ত তিনিজন যুৱকৰ চলা-ফুৰাত সন্দেহ প্ৰকাশ কৰি বেংকত কৰ্তব্যৰত আৰক্ষীক অৱগত কৰিছিল ।

লগে লগে আৰক্ষীয়ে অবিনাশ দাস নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ যদিও আন দুটা চিলনী চোৰ বাইকেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । চোৰটোৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত কেইবাধৰণৰ সামগ্ৰীৰ লগতে বান্দৰকেঁকোৱা পাতৰ গুৰি উদ্ধাৰ কৰে আৰক্ষীয়ে । ধৃত চোৰটো পশ্চিমবংগৰ কোচবিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিহালীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.