ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল, ধন আত্মসাতৰ অভিযোগ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 8:05 AM IST

corruption against headmaster in Jania
বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ মধ্যাহ্ন ভোজনৰ সিংহভাগ চাউল আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷

বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জনিয়া, 7 ডিচেম্বৰ : সহকৰ্মী, শিক্ষাৰ্থী লগতে বিভিন্ন লোকক ভয় ভাবুকি প্ৰদানেৰে এগৰাকী প্ৰধান শিক্ষককে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক লাল মামুদৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যৰ লগতে শিক্ষাৰ্থীৰ অভিভাৱকে ৷

অভিযোগ অনুসৰি, প্ৰধান শিক্ষক মামুদৰ ভুলৰ বাবেই দীৰ্ঘদিনৰ পৰাই মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰীসকল । কেৱল ইমানে নহয়, বিগত 5 মাহে দিয়া নাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন । ইয়াৰ পূৰ্বে চৰকাৰে আবন্টন দিয়া বিনামূলীয়া চাউল সঠিকভাৱে ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মাজিদুল ইছলামে ৷

কেৱল সিমানে নহয়, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক অন্ধকাৰত ৰাখি প্ৰধান শিক্ষক মামুদে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ নামত অহা ধন আত্মসাৎ কৰা, মধ্যাহ্ন ভোজনৰ চাউলৰ অধিকাংশ চাউল আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে পৰিচালনা সমিতিৰ সভাপতিয়ে ৷

ইফালে, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰা সন্দৰ্ভত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছিল বিদ্যালয় পৰিচালনা সমিতি, শিক্ষাৰ্থীৰ অভিভাৱক আৰু ৰাইজে ৷ যাৰবাবে প্ৰধান শিক্ষক মামুদে ৰাইজক কু-ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে, পৰিচালনা সমিতি আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত বুধবাৰে বৰপেটা জিলা সহকাৰী আয়ুক্ত ময়ুৰক্ষী দত্ত উপস্থিত হয় বিদ্যালয়খনত আৰু চৰজমিন তদন্ত কৰি পৰিস্থিতিৰ বুজ লয় । অতি শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকজনক নিলম্বন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ পিছে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ডি ভোটাৰৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.