ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 17, 2020, 6:27 PM IST

প্ৰধান শিক্ষক গৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক তিনি কেজিকৈ চাউল,আধা কেজি আলু আৰু আধা কেজি দাইল প্ৰদান কৰা হয় বুলি অৱগত কৰে যদিও,সামগ্ৰীৰ ওজন জোখাত দেখা যায় কেতবোৰ বিসংগতি ।

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

বৰপেটা, 17 জুনঃ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ১১৯৮ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ
মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

প্ৰধান শিক্ষক গৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক তিনি কেজিকৈ চাউল,আধা কেজি আলু আৰু আধা কেজি দাইল বিতৰণ কৰা বুলি দেখুৱাইছিল । কিন্তু এগৰাকী সচেতন অভিভাৱকে আলু দাইল জোখাত কাৰোবাৰ দুশ গ্ৰাম কাৰোবাৰ তিনিশ গ্ৰাম পোৱা যায় ।

চৰকাৰী দৰমহা পোৱা শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ প্ৰাপ্য কাঢ়ি দুৰ্নীতি কৰিবলৈ কুন্ঠাবোধ নকৰা কাৰ্যক বহুতে ধিক্কাৰ দিছে ।

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

উল্লেখযোগ্য যে, শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণৰ নামত সামাজিক দুৰত্ব ভংগ কৰা দেখা গৈছে। প্ৰধান শিক্ষকৰ এনে দায়িত্বহীন কাণ্ডই সকলোকে চিন্তিত কৰি তুলিছে ।

লগতে চাওকঃ শিক্ষাৰ্থীক সাম্প্ৰতিক প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আহিলা প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.