Poor condition of bridge: কাঠৰ দলঙ নিৰ্মাণতো ঠিকাদাৰে হজম কৰে ধন

author img

By

Published : Dec 6, 2022, 2:06 PM IST

Corruption in Bridge Construction

এখন দলং, দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো । যিখন দলঙত যিকোনো মূহুৰ্ত্বত সংঘটিত হয় দুৰ্ঘটনা (Poor condition of bridge in Jania) । দলঙ নিৰ্মাণত AIUDF দলে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । পিছে ক'ত আছে এইখন দলং ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

জনীয়া, 6 ডিচেম্বৰ: জনীয়াৰ ছাপৰা গাঁৱত কাঠৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । অন কেমেৰা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । দলঙৰ দুয়ো পাৰে এপ্ৰ’চ নিৰ্মাণ নকৰাকৈ সমুদায় ধন উঠাই লৈ যোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷ এই দলংখনৰ নিৰ্মাণত AIUDF দলো দুৰ্নীতিৰ অংশীদাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in bridge construction in Jania) । ইফালে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ইমৰান খানে বদৰুদ্দিন আজমলক বেপাৰী আৰু প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলক চোৰ বুলি আখ্যা দিয়ে ।

উল্লেখযোগ্য যে, সাংসদ পুঁজিৰ ২০১৮-১৯ বৰ্ষৰ অধীনত ছাপৰা গাঁৱত ১১ লাখ ৫০ হেজাৰ টকা ব্যয় সাপেক্ষে এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল । তদানীন্তন সাংসদ মহম্মদ চিৰাজুদ্দিন আজমলে কাঠৰ দলংখন নিৰ্মাণ কৰিবলৈ সাংসদ গৰাকীৰ অতি প্ৰিয়ভাজন ৰবিউল আৱাল নামৰ ঠিকাদাৰৰূপী এজন AIUDF কৰ্মীক ধন আৱন্টন দিয়া হৈছিল বুলি ৰাইজে জনাইছে ।

জৰাজীৰ্ণ দলঙে খুৱাইছে জ্বলাকলা

১১-৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ দুয়ো মূৰত এপ্ৰ’চ বঢ়াব লাগিছিল যদিও দলংখন ঠিকাদাৰে চাউলখোৱা নদীৰ মাজত পেলাই থৈ যোৱা দেখা গৈছে । অন্ততঃ ৰাইজে ঠিকাদাৰ ৰবিউল আৱালক দলংখনৰ দুয়ো মূৰত মাটি ভৰাই দিবলৈ অনুৰোধ জনাইছিল যদিও ঠিকাদাৰজনৰ পৰা ৰাইজে কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলিও জানিব পৰা গৈছে । ফলত দলঙৰ দুয়ো পাৰে ৰাইজে নিজাববীয়াকৈ বাঁহৰ এপ্ৰ’চ বনাই যাতায়ত অব্যাহত ৰাখিছে (Poor condition of bridge in Jania) ।

যাৰ ফলত সঘনাই সংঘটিত হৈ থাকে সৰু বৰ দুৰ্ঘটনা । ইফালে দুই বছৰ উকলি নাযাওঁতেই দলংখন জহি খহি যোৱাৰো অভিযোগ উত্থাপন কৰে । ৰাইজৰ মতে AIUDF ৰ একনায়কত্ববাদ আৰু দুৰ্নীতিয়ে চৰম পৰ্যায় পোৱাৰ বাবেই ৰাইজে AIUDF দলটোক প্ৰত্যাখ্যান কৰিছে ৷

উল্লেখ্য যে, দলংখনেদি ছাপৰা, গাগলমাৰি, ৰূপাকুছি, মহম্মদপুৰ, কাদং, ৰছুলপুৰ আদি কৰি বিভিন্ন অঞ্চলৰ মানুহে যাতায়ত কৰে । তেনেক্ষেত্ৰত AIUDF দলৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ ভাতৃ তথা প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলে কৰা অবাধ দুৰ্নীতিয়ে বৃহত্তৰ অঞ্চলৰ ৰাইজক দুৰ্ভোগ ভোগোৱা বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: Achurjya Borpatra got engage: জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে আচুৰ্য বৰপাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.