ETV Bharat / state

বৰপেটাত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jan 21, 2021, 8:24 PM IST

লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত বৰপেটাত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । হৰিশংকৰ ব্ৰহ্ম কমিটীৰ ভূমি সম্পৰ্কীয় প্ৰতিবেদন কাৰ্যকৰী কৰাৰো দাবী জনায় অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ।

বৰপেটাত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
বৰপেটাত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

বৰপেটা, ২১ জানুৱাৰী: লাইকা দধিয়াবাসীৰ সমৰ্থনত বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদে । ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাতো দলটোৰ জিলা সমিতিয়ে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । লাইকা দধিয়াৰ ৰাইজৰ পুনৰ সংস্থাপনৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে বান-খহনীয়াত ক্ষতিগ্ৰস্ত লোকক পুনৰ সংস্থাপন দিয়া, হৰিশংকৰ ব্ৰহ্ম কমিটীৰ ভূমি সম্পৰ্কীয় প্ৰতিবেদন কাৰ্যকৰীকৰণৰ দাবী জনায় ।

অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ কৰ্মকৰ্তাই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দাবী জনায় ৷ আনহাতে, জাতীয় সমস্যা সমাধানত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই চৰকাৰক গাদীচ্যুত কৰাৰ বাবেও ৰাইজক আহ্বান জনায় অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক গোবিন্দ গায়নে ৷

লগতে পঢ়ক:বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.