ETV Bharat / state

জনীয়াত AJPৰ হৈ 21ৰ প্ৰাৰ্থীত্ব বিচাৰিব ইদ্ৰিছ আলী আহমেদে

author img

By

Published : Jan 21, 2021, 7:27 PM IST

Updated : Jan 21, 2021, 7:46 PM IST

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি 21 ৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে এজেপি দলৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক ইদ্ৰছি আলী আহমেদে । বৰপেটা জিসা কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত তেওঁ কয়, আগন্তুক নিৰ্বাচনৰ বাবে আহমেদক অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

AJP press meet at borpeta
জনীয়াত AJPৰ হৈ 21ৰ প্ৰাৰ্থীত্ব বিচাৰিব ইদ্ৰিছ আলী আহমেদে

জনীয়া, 21 জানুৱাৰী : সমাগক বিধান সভাৰ নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহত মাজত ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহৰ সমষ্টিৰ প্ৰাৰ্থীত্বক লৈয়ো চলিছে আন এক নিৰ্বাচনীক অংক ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ আশা প্ৰকাশ কৰে এজেপি দলৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক ইদ্ৰছি আলী আহমেদে । বৰপেটাৰ AJP ৰ জিলা কাৰ্যালয়ত আয়োজন কৰা হয় উক্ত সংবাদমেল ৷

জনীয়াত AJPৰ হৈ 21ৰ প্ৰাৰ্থীত্ব বিচাৰিব ইদ্ৰিছ আলী আহমেদে

সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ঘোষনাত সন্তুষ্টি প্ৰকাশ কৰি এজেপিত যোগদান কৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে ইদ্ৰিছ আলী আহমেদে । ১৯৭২ চনৰ পৰা ১৯৮০ চনলৈ ছাত্ৰ সন্থাৰ লগত থাকি সমাজ সেৱা কৰা ইদ্ৰিছ আলী আহমেদে অসম জাতীয় পৰিষদত যোগদান কৰি নিজৰ ঘৰত থকাৰ দৰে অনুভৱ কৰে বুলিও সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ৷

লগতে তেওঁ কয়, আগন্তুক নিৰ্বাচনৰ বাবে আহমেদক অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ জনীয়া সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে ইদ্ৰিছ আলী আহমেদে ৷ ইফালে, সংবাদমেলত অসম গণ পৰিষদক বিশ্বাস ঘাটকৰ দল আখ্যা দিয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতৃত্বকেন্দ্ৰীক সংঘাতে সাম্প্ৰদায়িক বিজেপিৰ আগ্ৰাসনত সহায় কৰিছে বুলি আন নিৰ্বাচন কেন্দ্ৰীক মন্তব্য প্ৰকাশ কৰে ইদ্ৰিছ আলী আহমেদে ।

লগতে পঢ়ক:থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ

Last Updated : Jan 21, 2021, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.