ETV Bharat / state

Constituency delimitation 2023; সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা BJP আৰু কংগ্ৰেছ দলৰ সুবিধাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে : বদৰউদ্দিন আজমল

author img

By

Published : Jun 23, 2023, 1:53 PM IST

ইতিমধ্যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ভাৰতৰ লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত AIUDF প্ৰধান বদৰউদ্দিন আজমল, বিধায়ক শ্বেৰমান আলী আৰু বিধায়ক আশ্ৰাফুল হুছেইনেও ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷

AIUDF reacts on Constituency delimitation 2023
কংগ্ৰেছ আৰু বিজেপি মিলি আছে : বদৰউদ্দিন আজমল

কংগ্ৰেছ আৰু বিজেপি মিলি আছে : বদৰউদ্দিন আজমল

জনীয়া, 23 জুন : ভাৰতৰ নিৰ্বাচন আয়োগে 20 জুন তাৰিখে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ আগন্তুক 11 জুলাইলৈকে এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময়সীমা বান্ধি দিয়াৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে AIUDF প্ৰধান বদৰউদ্দিন আজমলে ।

বৃহস্পতিবাৰে নিশা কলগাছিয়াত বৰপেটা জিলা AIUDF কমিটিৰ সাধাৰণ সম্পাদক খণ্ডকাৰ আশ্ৰাফুল মামুনৰ ঘৰত AIUDF প্ৰধান বদৰউদ্দিন আজমল উপস্থিত হৈ সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ আৰু বিজেপি মিলি আছে ৷ কথাই কথাই কৈ থাকে যে বিজেপিৰ B টিম AIUDF বুলি, কিন্তু বিজেপিৰ A++ টিম কংগ্ৰেছ বুলি প্ৰমাণিত হৈছে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা দুই দলৰ সুবিধাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে’’ ৷

লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ একপক্ষীয়ভাৱে কৰা হৈছে: খলিল উদ্দিন

আনহাতে, সংবাদ মাধ্যমৰ আগত বিধায়ক শ্বেৰমান আলীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, ‘‘বিগত দুটা বছৰে সংবিধান উলংগা কৰি হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতি কৰিছে’’ ৷ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ ৰাজনীতিৰ স্বাৰ্থত এনে কাম কৰি আছে । লগতে তেওঁ কয়, ‘‘যিচকা কৈই নেহী হে, উচকা খুদা হে য়াৰো’’ ৷

ইফালে বৰপেটা জিলাৰ দুটা সমষ্টি বিলুপ্তিকৰণ কৰাক কেন্দ্ৰ কৰি কলগাছিয়াত বিধায়ক আশ্ৰাফুল হুছেইনেও ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত চৰকাৰক বাতিল কৰিবলৈ দাবী বিধায়ক আশ্ৰাফুল হুছেইনে । তেওঁ কয়, ‘‘পূৰ্বতে বৰপেটা জিলাত 8 টা সমষ্টি আছিল, এতিয়া দুটা কমাই 6 খন কৰি দিছে ৷ বৰপেটা লোকসেৱা সমষ্টিত যাতে সংখ্যালঘু মানুহে প্ৰতিনিধিত্ব কৰিব নোৱাৰে’’ ।

লগতে পঢ়ক : Constituency delimitation; ৰাজনৈতিক স্বাৰ্থত সমষ্টি পুনৰ গঠন খচৰা প্ৰস্তুত কৰা হৈছে : দিগন্ত বৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.