ETV Bharat / state

এ আই ইউ ডিএফৰ সভা বিফল কৰাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ

author img

By

Published : Feb 8, 2021, 1:42 PM IST

অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ শনিবাৰে কয়াকুছিত অনুষ্ঠিত এ আই ইউ ডিএফৰ বিশাল কৰ্মীসভা বিফল কৰাৰ বাবে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে সমষ্টিটোৰ একাংশ কংগ্ৰেছীয়ে চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে সৰুক্ষেত্ৰীৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানে ৷

aiudf-leader-minakshi-rahman-press-meet
এআইইউডিএফৰ সভা বিফল কৰাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ

বৰপেটা,৮ ফেব্ৰুৱাৰী : সৰুক্ষেত্ৰী সমষ্টিত ২১ৰ নিৰ্বাচনক লৈ সমুখ সমৰত মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু এআইইউডিএফ ৷ মিত্ৰতাৰ চিটিং গেটিং নীতি অনুসৰি কংগ্ৰেছৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছে লাভ কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে ৷ তাৰ বিপৰীতে সৰুক্ষেত্ৰী সমষ্টি বিচাৰি এ আই ইউ ডি এফো একপ্ৰকাৰে নাচোৰবান্দা ৷ সৰুক্ষেত্ৰীত বৃহৎ সমাবেশ পাতি নিজৰ সবল স্থিতি প্ৰদৰ্শনৰ জৰিয়তে একপ্ৰকাৰ কংগ্ৰেছক হেঁচা প্ৰয়োগ কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে এআইইউডিএফে ৷

এআইইউডিএফৰ সভা বিফল কৰাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ

বিশেষকৈ শনিবাৰে কয়াকুছিত অনুষ্ঠিত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভাৰ জৰিয়তে সৰুক্ষেত্ৰী সমষ্টিত আজমলে একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হয় ৷ ইপিনে শনিবাৰৰ এ আই ইউ ডি এফৰ কৰ্মী সভাখন বিফল কৰাৰ বাবে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে সমষ্টিটোৰ একাংশ কংগ্ৰেছীয়ে চেষ্টা চলোৱা বুলি অভিযোগ তুলিছে সৰুক্ষেত্ৰীৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানে ৷

সৰুক্ষেত্ৰীৰ কয়াকুছিত এখন সংবাদমেল অনুষ্ঠিত কৰি মীনাক্ষী ৰহমানে এ আই ইউ ডি এফৰ কৰ্মীসভাখনলৈ মানুহ অহাত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৷ আনকি কংগ্ৰেছে সভাত মানুহ অহাত বাধা প্ৰদান কৰাৰ প্ৰমাণ থকা বুলিও দাবী কৰে মীনাক্ষী ৰহমানে ৷ আনহাতে দলীয়ভাৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এ আই ইউ ডি এফে সৰুক্ষেত্ৰী সমষ্টিত বিজয়ী হ‘ব বুলিও দাবী কৰে মীনাক্ষী ৰহমানে ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে ৰঙা চশমা পিন্ধাবলৈহে অসমলৈ আহিছে : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.