AGP joining meeting in Barpeta:বৰপেটাত কংগ্ৰেছ-আমছু নেতাসহ পাঁচ শতাধিকৰ অগপত যোগদান

author img

By

Published : Jul 31, 2022, 5:06 PM IST

AGP joining meeting in Barpeta

লোকসভা নিৰ্বাচনলৈ সময় আছে যদিও অগপই এতিয়াৰে পৰাই আৰম্ভ কৰিছে অভিযান(AGP joining meeting in Barpeta)। ইয়াৰে অংশ ৰূপে বৰপেটা লোকসভা সমষ্টি পুনৰ উদ্ধাৰৰ উদ্দেশ্যে বৰপেটাত অগপই ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷

বৰপেটা, ৩১জুলাই:লোকসভা নিৰ্বাচনলৈ যথেষ্ঠ সময় আছে যদিও অগপই এতিয়াৰে পৰাই আৰম্ভ কৰিছে অভিযান(AGP joining meeting in Barpeta)।ইয়াৰে অংশ ৰূপে বৰপেটা লোকসভা সমষ্টি পুনৰ উদ্ধাৰৰ উদ্দেশ্যে বৰপেটাত অগপই ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷ দেওবাৰে বৰপেটাত অনুষ্ঠিত হ'ল যোগদান সমাৰোহ । বৰপেটাত অগপৰ যোগদান সমাৰোহত অংশগ্ৰহন কৰি জ্যেষ্ঠ অগপ নেতা তথা বিধায়ক ফনীভূষণ চৌধুৰীয়ে ২০২৪ চনক লক্ষ্য কৰি সংখ্যালঘু অধ্যুষিত বৰপেটা, বাঘবৰকে ধৰি ১০টা বিধানসভা সমষ্টিত অগপক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা বুলি কয়(AGP mla Phanibhushan Chaudhary)।
পূৰ্বতে বৰপেটা লোকসভা নিৰ্বাচনত অগপই প্ৰতিদ্বন্দিতা আগবঢ়াই অহাৰ প্ৰসংগ উল্লেখ কৰি '২৪ত বৰপেটা সমষ্টি অগপই দখল কৰিব বুলিও মন্তব্য কৰে ফনীভূষণ চৌধুৰীয়ে ।

বৰপেটাত কংগ্ৰেছ-আমছু নেতাসহ পাচঁ শতাধিকৰ অগপত যোগদান

উক্ত যোগদান সমাৰোহত বিধায়ক ফনীভূষণ চৌধুৰীৰ উপৰি অগপ নেতা কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস উপস্থিত থাকে । উক্ত অনুষ্ঠানত বৰপেটা কংগ্ৰেছ আৰু আমছুৰ পৰা ৫ শতাধিকে অগপত যোগদান কৰে ৷ আজি অগপত যোগদান কৰা সকলৰ ভিতৰত আছে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আবুল হুছেইন আৰু বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক উত্তম ঘোষ ৷ উল্লেখ্য় যে যিসময়ত বিজেপিয়ে বৰপেটা দখলৰ লক্ষ্যৰে ব্যাপক তৎপৰতা চলাই আছে তেনে সময়তে অগপৰ এই সাংগঠনিক তৎপৰতাই বিশেষ গুৰুত্ব বহন কৰিছে ৷

লগতে পঢ়ক:BJP meeting in Guwahati: উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক জামোৱালক বিদায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.