ETV Bharat / state

Satra Land Encroachment : বৰপেটাৰ বহৰিৰ পীড়লা সত্ৰৰ ভূমি বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জিলা প্ৰশাসনৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:02 PM IST

Administration Issues Eviction Notice
বেদখলকাৰীলৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী

পীড়লা সত্ৰৰ ভূমি বেদখলকাৰীলৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী ৷ পীড়লা সত্ৰৰ ভূমিত বেদখল কৰি থকা ১১৭ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰাৰ লগতে ৩০ দিনৰ সমসীয়া বান্ধি দিছে প্ৰশাসনে ৷

পীড়লা সত্ৰৰ ভূমি বেদখলকাৰীলৈ উচ্ছেদৰ জাননী

বৰপেটা, ২২ ছেপ্টেম্বৰ : বৰপেটাৰ বহৰিৰ সমীপৰ পীড়লা সত্ৰৰ ভূমি বেদখলকাৰীলৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী ৷ প্ৰশাসনৰ এই পদক্ষেপক আদৰণি পীড়লা সত্ৰৰ সত্ৰাধিকাৰ ৷ মহাপুৰুষ হৰিদেৱৰ প্ৰধান ধৰ্মাচাৰ্য নাৰায়ণদেৱে প্ৰতিষ্ঠা কৰা পীড়লা সত্ৰৰ ভূমি বেদখল কৰা বেদখলকাৰীয়ে সত্ৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰুজু কৰিছিল গোচৰ ৷ কিন্তু উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ সকলো আপত্তি নস্যাৎ কৰি সত্ৰৰ সপক্ষে ৰায় প্ৰদানৰ পিচতে বৰপেটা জিলা প্ৰশাসনে বেদখলকাৰীক সত্ৰৰ ভূমিৰ পৰা আঁতৰি যোৱাৰ বাবে জাৰি কৰিছে নিৰ্দেশনা ৷

বিশেষকৈ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পীড়লা সত্ৰৰ ভূমিত বেদখল কৰি থকা ১১৭ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰাৰ লগতে ৩০ দিনৰ সমসীয়া বান্ধি দিছে প্ৰশাসনে ৷ ৩৮ টা দাগত থকা সত্ৰৰ ১০১ বিঘা ৯ লেচা ভূমি বেদখল কৰি থকা ১১৭ পৰিয়ালৰ প্ৰতি প্ৰশাসনে জাননী জাৰিৰ পিচতে বেদখল সম্পৰ্কে পোহৰলৈ আহিছে কেতবোৰ বিস্ফাৰক তথ্য ৷

পীড়লা সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰ নাথ গোস্বামীয়ে জনোৱা অনুসৰি- মানৰ আক্ৰমণ, ১৮৯৬ চনৰ বৰভূঁইকপ, মাৰি-মৰক আদিত একালৰ নদন-বদন সত্ৰখন ক্ৰমাৎ দূৰ্বল হৈ পৰিছিল ৷ ইয়াৰ পিচতে ছাৰ চাদুল্লাৰ শাসন আৰু পূৰ্ব বংগৰ পৰা অধিক শস্য উৎপাদনৰ লক্ষ্যৰে অসমলৈ আগমণ ঘটা পূৰ্ব বংগীয় মুছলমান লোকৰ আগ্ৰাসন চলে সত্ৰখনত ৷ ইয়াৰ পিচৰ পৰাই সত্ৰখনত পূৰ্ব বংগীয় লোকৰ আগ্ৰাসনৰ ফলত আৰু সত্ৰখনৰ পৱিত্ৰতা নষ্ট হেৱাৰ আশংকাত সত্ৰৰ বিগ্ৰহ, হৰিদেৱ গুৰুজনাৰ পদশিলা আদিৰ স্থানান্তৰ কৰা হয় ৷

ইয়াৰ পিচতে সত্ৰখন পূৰ্ণৰূপে বেদখলৰ কবলত পৰে ৷ সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সত্ৰ আয়োগ গঠনেৰে সত্ৰৰ হৃত গৌৰৱ উদ্ধাৰ আৰু বেদখলৰ কবলত পৰা সত্ৰসমূহ উদ্ধাৰৰ বাবে লোৱা পদক্ষেপৰ ফলস্বৰূপে পীড়লা সত্ৰখন বেদখল মুক্ত কৰাৰ পদক্ষেপ লৈছে চৰকাৰে ৷ সত্ৰাধিকাৰগৰাকীয়ে আশা কৰিছে সত্ৰখন বেদখল মুক্ত কৰাৰ লগতে সত্ৰখন পূৰ্ণাংগ ৰূপত স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷

একেই আশা বহৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতিৰো ৷ তেওঁ কয় যে, সত্ৰসমূহ ৰক্ষাৰ জৰিয়তে অসমীয়া জাতিটোক ৰক্ষাৰ উদ্যোগ লওক চৰকাৰে ৷ উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিচতে ৩০ দিনৰ সময় সীমা বান্ধি বেদখলকাৰীক সত্ৰৰ ভূমিৰ পৰা আঁতৰি যোৱাৰ বাবে জাৰি কৰা জাননী অমান্য কৰিলে পীড়লা সত্ৰৰ ১০১ বিঘা ৯ লেচা বেদখলকৃত ভূমিত সম্পূৰ্ণ উচ্ছেদ চলাব বৰপেটা জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : Himanta Biswa Sarma Controvery : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰক; কংগ্ৰেছ নেতা কমল নাথলৈ ভূপেন বৰাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.