ETV Bharat / state

বিজুলী বাতিৰ পোহৰ নপৰা জনীয়াৰ এখন গাঁও...

author img

By

Published : Jun 24, 2021, 4:56 PM IST

Protest for electricity in Jania
জনীয়াৰ টাপাজুলি পথাৰ গাঁৱত প্ৰতিবাদ

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই জনীয়াৰ টাপাজুলি পথাৰ গাঁৱক । আজি পৰ্যন্ত বিদ্যুৎ সংযোগ হোৱা নাই গাঁৱখনত । চাকি, ট’ৰ্চ, লেম্পেই হৈছে গাঁৱবাসীৰ ভৰসা । বিদ্যুতৰ অভাৱৰ বাবে ছাত্ৰ-ছাত্ৰী পঢ়াৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিছে । উপায়হীন হৈ হাতে হাতে চাকি, লেম্প লৈ বিদ্যুৎ সংযোগৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ ৰাইজে ।

জনীয়া, ২৪ জুন : বিদ্যুতৰ তাঁৰ, খুঁটা একোৱেই নাই বৰপেটা জিলাৰ জনীয়াৰ টাপাজুলি পথাৰ গাঁৱত । শক্তি বিভাগৰ হেমাহিৰ বাবে স্বাধীনতাৰ ৭৪ বছৰ পিছতো অন্ধকাৰতে ডুবি আছে এই গাঁৱখন । শক্তি বিভাগৰ কামৰ নমুনা উদঙাইছে গাঁৱখনৰ বৰ্তমানৰ অৱস্থাই । অতি পিছপৰা এই গাঁৱখনত সহস্ৰাধিক পৰিয়ালে বসবাস কৰে যদিও এতিয়ালৈকে বিদ্যুতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

এই প্ৰচণ্ড গৰমতো বিচনী লৈ বতাহ ল'বলগীয়া হৈছে । কোনো কোনো লোকে বেটাৰীৰ জৰিয়তে দুই-এটা বাল্ব জ্বলাই যদিও অধিকাংশৰে ভৰসা হৈছে চাকি আৰু লেম্প । বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত সৰভোগ বিদ্যুত উপ সংমণ্ডলৰ অধীনৰ এই গাঁৱখনত বিদ্যুৎ সংযোগ হোৱা নাই ।

জনীয়াৰ টাপাজুলি পথাৰ গাঁৱত প্ৰতিবাদ

উপায়হীন হৈ বৃহস্পতিবাৰে প্ৰতিবাদত নামিল গাঁৱৰ ৰাইজ । হাতে হাতে চাকি, লেম্প লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ ৰাইজে । টাপাজুলি পাথাৰ গাঁৱত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰক, আমাক অন্ধকাৰৰ পৰা ৰক্ষা কৰক, অসম চৰকাৰৰ শক্তি বিভাগে বিদ্যুৎ দিয়া নাই কিয় উত্তৰ দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ মতে, নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বিভিন্ন দলৰ ৰাজনৈতিক নেতাই বিদ্যুৎ সংযোগৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু দিছপুৰৰ গাদী দখল কৰাৰ পিছতে সেই প্ৰতিশ্ৰুতি পাহৰিলে । চৰকাৰে বৈদ্যুতিকৰণৰ নামত উন্নয়ন হোৱাৰ ঢাক-ঢোল বজাই আহিছে যদিও ৰাজ্যৰ বহু গাঁৱত এতিয়াও বিজুলী বাতিৰ পোহৰ পৰা নাই । সেয়ে বিদ্যুতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ।

লগতে পঢ়ক: 'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.