ETV Bharat / state

হাৰিয়ানাত উদ্ধাৰ বিক্ৰীৰ বাবে আৱদ্ধ কৰি ৰখা বৰপেটাৰ কিশোৰী

author img

By

Published : Aug 29, 2020, 4:59 AM IST

16 years old girl recovered at Hariyana
16 years old girl recovered at Hariyana

বৰপেটাৰ এগৰাকী অপহৃতা কিশোৰী উদ্ধাৰ হৈছে হাৰিয়ানাত ৷ বৰপেটাৰ হাউলী আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলায় নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰিছে এগৰাকী কিশোৰী ৷

বৰপেটা, ২৮ আগষ্ট : বৰপেটাত বৃদ্ধি পাইছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কাৰ্যকলাপ ৷ বৰপেটাৰ বিভিন্ন স্থানৰ পৰা কিশোৰী, যুৱতী, মহিলাক অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰীৰ ঘটনা বৃদ্ধি পোৱাৰ মাজতেই বৰপেটাৰ এগৰাকী অপহৃতা কিশোৰী উদ্ধাৰ হৈছে হাৰিয়ানাত ৷ বৰপেটাৰ হাউলী আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলায় নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰিছে এগৰাকী কিশোৰী ৷

বৰপেটাৰ জাৰাবাৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক নাৰী ব্যৱসায়ী চক্ৰই অপহৰণ কৰি হাৰিয়ানাৰ হিচাৰ জিলাৰ উকলানা চহৰত বিক্ৰীৰ বাবে আৱদ্ধ কৰি ৰাখিছিল ৷ হাউলী আৰক্ষীয়ে এই কথাৰ সম্ভেদ লাভ কৰাৰ পিচতে হাৰিয়ানাত উপস্থিত হৈ হাৰিয়ানা আৰক্ষীৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে এই অপহৰণৰ ঘটনাৰ সৈতে জৰিত নাৰী ব্যৱসায়ী চক্ৰটোক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে হাউলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে ৷

লগতে পঢ়ক : যোৰহাটত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.