গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত 144 ধাৰা জাৰি

author img

By

Published : Sep 24, 2021, 3:36 PM IST

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত জাৰি কৰা হৈছে 144 ধাৰা

গৰুখুটিকাণ্ডৰ পাছতে সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰৰ বাহিৰলৈ নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিলক্ষ্য ৰাখি বৰপেটা জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷

বৰপেটা, ২৪ ছেপ্তেম্বৰ : দৰঙ জিলাত অসম চৰকাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্প গৰুখুটিত বৃহস্পতিবাৰে চলা উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত জাৰি কৰা হৈছে 144 ধাৰা
গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত জাৰি কৰা হৈছে 144 ধাৰা

সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ ৷ গৰুখুটিত সংঘটিত হোৱা ঘটনাটো স্পৰ্শকাতৰ হৈ পৰাৰ পাছতে বৰপেটা জিলা প্ৰশাসনে জিলাখনত 144 ধাৰা জাৰি কৰিছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ থাকে ৷ বৰপেটা জিলাত যাতে ৰাজহুৱা শান্তি বিঘ্নিত নহয় তাৰ বাবে বৰপেটা জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূশালে এক নিদেৰ্শনাযোগে জিলাখনত জাৰি কৰিছে 144 ধাৰা ৷

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত জাৰি কৰা হৈছে 144 ধাৰা

নিৰ্দেশনাটোৰ জৰিয়তে জিলাখনত প্ৰতিবাদ, সভা, শোভাযাত্ৰা আদি নিষিদ্ধ কৰাৰ লগতে ৫ জন বা ৫ জনতকৈ অধিক লেকৰ সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ৷ আনহাতে জিলাখনত যিকোনো সংগঠনৰ দ্বাৰা গ্ৰহণ কৰা সকলো আন্দোলনৰ কাৰ্যসূচীৰ ওপৰতো বাধা নিষেধ আৰোপ কৰা হৈছে ৷

জিলাখনত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰা সকলৰ বিৰুদ্ধে প্ৰয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নি প্ৰদান কৰিছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূশালে ৷

লগতে পঢ়কঃ আজিও উপেক্ষিত স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জিউৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.