ETV Bharat / state

বিটিচি নিৰ্বাচনৰ পিছত নৱ কুমাৰ শৰণীয়াই বিজেপিত যোগদান কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব-ফৌইলা বৰগয়াৰী

author img

By

Published : Sep 6, 2020, 9:09 PM IST

Updated : Sep 6, 2020, 9:27 PM IST

বিটিএডিৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত তথা ইউপিপিএল দলৰ সম্পাদক ফৌইলা বৰগয়াৰীৰ ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ৷

UPPL Secretary Fwila Borgoyary Interview baksa assam etv bharat news
ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

বাক্সা,6 ছেপ্তেম্বৰ: বড়ো বোলছবি জগতৰ এগৰাকী কৌতুক অভিনেতা হৈছে ফৌইলা বৰগয়াৰী ৷ বিটিএডি অঞ্চলত কৌতুক অভিনেতাগৰাকীয়ে হাইনামুলী নামৰ এক ছিৰিজৰ জৰিয়তে বড়ো জনগোষ্ঠীটোৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰগয়াৰীয়ে । অভিনেতাগৰাকী বৰ্তমান বিটিএডিৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হোৱাৰ উপৰিও ইউপিপিএলদলৰ সম্পাদক । অভিনেতাগৰাকীৰ সৈতে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেইবাটাও বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰি বৰগয়াৰীয়ে কয়,এইবেলি নিৰ্বাচনৰ জৰিয়তে বিটিচিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে আৰু বিপিএফে বিগত প্ৰায় সোতৰ বছৰে যি কাম কৰিবলৈ সক্ষম হোৱা নাই সেই কাম ইউপিপিএলে কৰিব বুলি ৰাইজে বিশ্বাস কৰে ৷ সম্প্ৰতি বিটিচিত বড়ো-অবড়োৰ ৰাজনীতি নাই ৷

ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ইফালে,নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত বৰগয়াৰীয়ে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বিটিচি পৰিষদীয় নিৰ্বাচনৰ সমাপ্তি ঘটিলে শৰণীয়াই বিজেপিত যোগদান কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো-অবড়োৰ ৰাজনীতিত অংশ লব বুলি কয় ৷

লগতে চাওকঃ গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ

Last Updated : Sep 6, 2020, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.