ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত ইউ পি পি এলৰ যোগদান সভা

author img

By

Published : Sep 11, 2020, 4:20 PM IST

BTRৰ চুক্তিক ৰাজনৈতিক শ্ল'গান হিচাপে লৈছে হাগ্ৰামাই । BTRৰ চুক্তিত চহী কৰাৰ সময়ত ভাল বুলি কোৱা হাগ্ৰামাই এতিয়া ৰাজনৈতিক লাভালাভৰ বাবে প্ৰতিবাদ আৰু বিৰোধিতাৰ শ্ল'গান হিচাপে লৈছে ৷

বাক্সাৰ গোৰেশ্বৰত ইউ পি পি এলৰ যোগদান সভা
বাক্সাৰ গোৰেশ্বৰত ইউ পি পি এলৰ যোগদান সভা

বাক্সা, 11 চেপ্তেম্বৰঃ সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ এই পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা বাহিনীৰ নাই কোনো নিৰ্বাচনী ইচ্ছ্যু ৷ BTR চুক্তিক লৈ প্ৰতিবাদ আৰু বিৰোধিতা কৰাৰ বাহিৰে বিকল্প নাই ৷ সেয়ে BTRৰ চুক্তিক ৰাজনৈতিক শ্ল'গান হিচাপে লৈছে হাগ্ৰামাই । BTRৰ চুক্তিত চহী কৰাৰ সময়ত ভাল বুলি কোৱা হাগ্ৰামাই এতিয়া ৰাজনৈতিক লাভালাভৰ বাবে প্ৰতিবাদ আৰু বিৰোধিতাৰ শ্ল'গান হিচাপে লৈছে বুলি গোৰেশ্বৰৰ গোসাঁইগাৱত এই মন্তব্য কৰে ইউ পি পি এলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্মৰ।

বাক্সাৰ গোৰেশ্বৰত ইউ পি পি এলৰ যোগদান সভা
ইপিনে,উক্ত সভাত মুছলপুৰৰ পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই কয়- হাগ্ৰামাৰ মুৰত চুলি নাই, মাঠাত ঘিউ আছে বুলি মই নাভাবো, এনেদৰে কটাক্ষ কৰি তেওঁ পুনৰ কয়- NDFBৰ যিসকল নেতাই BPFত যোগদান কৰিছে সেইসকলে সঁচা অৰ্থত BTRক ভাল পোৱা লোক নহয় ৷ হাগ্ৰামাৰ পৰা দুই এপইচা পোৱাৰ লোভত যোগদান কৰিছে বুলি গুৰুতৰ মন্তব্য কৰে ৷লগতে চাওকঃ দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.