ETV Bharat / state

ইউজি ব্ৰহ্মক কেবিনেট মন্ত্ৰীৰ দায়িত্ব আৰ্পনত উৎফুল্লিত চাপাগুৰিবাসী

author img

By

Published : May 11, 2021, 7:33 AM IST

ইউজি ব্ৰহ্মক কেবিনেট মন্ত্ৰীৰ দায়িত্ব আৰ্পনত উৎফুল্লীত চাপাগুৰীবাসী
ইউজি ব্ৰহ্মক কেবিনেট মন্ত্ৰীৰ দায়িত্ব আৰ্পনত উৎফুল্লীত চাপাগুৰীবাসী

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত ইউজি ব্ৰহ্মক কেবিনেট মন্ত্ৰীৰ দায়িত্ব আৰ্পন কৰাত উৎফুল্লিত চাপাগুৰী সমষ্টিবাসী ৰাইজ ৷ সংবাদমেল আয়োজন কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিটিআৰৰ সদস্য তথা ই.এম. ৰাকেশ ব্ৰহ্মই ৷

বাক্সা, 11 মে’: স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এইবাৰ প্ৰথম বাৰৰ বাবে ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ কোনো বিধায়কে ৰাজ্যচৰকাৰৰ মন্ত্ৰীত্ব পদ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷ নিৰ্বাচনত কথা দি অৱশেষত মন্ত্ৰীত্ব প্ৰদান কৰাৰ কাৰণে ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদমেল আয়োজন কৰি ধন্যবাদ জ্ঞাপন কৰে বিটিআৰৰ সদস্য তথা ই.এম. ৰাকেশ ব্ৰহ্মই ৷

ইউজি ব্ৰহ্মক কেবিনেট মন্ত্ৰীৰ দায়িত্ব আৰ্পনত উৎফুল্লীত চাপাগুৰীবাসী

বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ইউজি ব্ৰহ্মক মন্ত্ৰীত্ব পোৱাত বিশেষ ভূমিকা লোৱাৰ বাবে শলাগ লয় ৰাকেশ ব্ৰহ্মই ৷ চাপাগুৰি সমষ্টি অতি পিছপৰা অঞ্চল হিচাবে বিবেচিত হৈ আহিছে ৷ সমষ্টিটোত শিক্ষা, স্বাস্থ্য, কৃষি, যাতায়তৰ ক্ষেত্ৰত উন্নয়ন কৰিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে ৰাকেশ ব্ৰহ্মই ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.