তামুলপুৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন

author img

By

Published : Aug 29, 2021, 5:28 PM IST

tamulpur-police-arrested-one-person-with-cannabis

কুমাৰীকাটাৰ ৩ নম্বৰ কালিপুৰৰ পৰা প্ৰায় ৩২ কিল’গ্ৰাম গাঞ্জাসহ জ্যোতিৰ্ময় দাস(১৯) ওৰফে জ্যোতি দাস নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় তামুলপুৰ আৰক্ষী ৷

বাক্সা, 29 আগষ্ট : ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ তাৰমাজতে দেওবাৰে তামুলপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কুমাৰীকাটাৰ ৩ নম্বৰ কালিপুৰৰ পৰা প্ৰায় ৩২ কিল’গ্ৰাম গাঞ্জা সহ জ্যোতিৰ্ময় দাস(১৯) ওৰফে জ্যোতি দাস নামৰ যুৱকজনক এখন বিলাসী বাহনৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ৷

তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক সূত্ৰধৰে সদৰি কৰা মতে, দেওবাৰে পুৱাৰ ভাগত ওদালগুৰি জিলাৰ ভৈৰৱ কুণ্ডৰ পৰা এখন বিলাসী বাহনেৰে বৃহৎ পৰিমানৰ গাঞ্জা লৈ এজন যুৱক তামুলপুৰ অভিমুখে আহি থকাৰ খবৰ লাভ কৰিছিল ৷ খবৰ লাভ কৰাৰ পাছতে তামুলপুৰ আৰক্ষীৰ দল এটিয়ে তামুলপুৰ-ওদালগুৰি পথৰ নাগ্ৰিজুলীত খাপ পিটি ৰৈ থাকে ৷

লগতে পঢ়কঃ এতিয়াৰে পৰা কাজিৰঙাৰে পাৰ হোৱা তীব্ৰবেগী বাহনে ভৰিব লাগিব জৰিমনা

কিন্তু গাঞ্জা সৰবৰাহ কৰা বাহনখনে আৰক্ষীৰ চকুত ধুলি দি পথ সলনি কৰি তামুলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নম্বৰ কালিপুৰত প্ৰৱেশ কৰে ৷ সেই খবৰো আৰক্ষীয়ে লগে লগে লাভ কৰে ৷ তাৰপাছতে তামুলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক সূত্ৰধৰ, উপ-পৰিদৰ্শক নিপন গগৈ, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিয়য়া নীলভজ্যোতি নাথৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ৩ নম্বৰ কালিপুৰত অভিযান চলায় ৷

আৰক্ষীয়ে অভিযান চলাই গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত লুকাই থোৱা অৱস্থাত ৩২ কিলগ্ৰাম গাঞ্জা সহ জ্যোতিৰ্ময় দাস (১৯) ওৰফে জোতিক আটক কৰে এএচ-০১-এএল-১১৮১ নম্বৰ চেভ্ৰ’লেট বাহন খনৰ সৈতে ৷ আৰক্ষীৰ জেৰাত জ্যোতি দাসে গাঞ্জা খিনি ওদালগুৰি জিলাৰ ভৈৰৱ কুণ্ডৰ পৰা আনা বুলি স্বীকাৰ কৰে ৷ লগতে এই ব্যৱসায়ৰ সৈতে আৰু কেইবাজনো জড়িত আছে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.