ETV Bharat / state

তামুলপুৰত তামোলে কঢ়িয়াইছে আশাৰ বতৰা

author img

By

Published : Apr 26, 2019, 1:05 AM IST

Updated : Apr 26, 2019, 2:12 AM IST

চিনাকি তামোলৰে তামুলপুৰবাসীয়ে উলিয়াইছে নতুন পথ

বাক্সা জিলাৰ তামুলপুৰৰ বাসীয়ে বছৰি প্ৰায় 5 কোটিতকৈ অধিক টকা লাভ কৰে । নাম যি তামুলপুৰ উৎপাদনো তামোল । তামুলপুৰত বসবাস কৰা সকলো লোকৰ ঘৰৰ বাৰীত তামোলৰ গছ শাৰী শাৰী ।

বাক্সা, 25 এপ্ৰিল : বাক্সা জিলাৰ তামুলপুৰ-অঞ্চলটোৰ নামটোৰ সাৰ্থকতাত প্ৰমাণ কৰিবলৈ যেন ওলাই আহিছে একাংশ তামুলপুৰবাসী ৷

তামুলপুৰত বসবাস কৰা সকলো লোকৰ ঘৰৰ বাৰীত আছে তামোলৰ শাৰী শাৰী গছ । এই তামোলৰ ব্যৱসায়ৰ জৰিয়তে তামুলপুৰৰ বহু লোকে উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ নাগ্ৰীজুলী,গুৱাবাৰী,কাউলী, বৃহত্তৰ বগাজুলী আদি অঞ্চলত তামোল বিক্ৰি কৰি 60 হাজাৰৰ পৰা 5 লাখলৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একো একোটা পৰিয়ালে । কিছু সংখ্যক লোকে গোটা তামোলকে প্ৰতি কুইন্টলৰ হিচাপত বিক্ৰী কৰি 3 হাজাৰ টকালৈকে লাভ কৰে ।

চিনাকি তামোলৰে তামুলপুৰবাসীয়ে উলিয়াইছে নতুন পথ

লগতে পঢ়ক : ধান নহয় মোনে মোনে ওলাইছে পতান, কৃষকৰ আশাত চেঁচাপানী ঢালিলে কোনে ?


আনহাতে কিছুসংখ্যক লোকে চুপাৰি ব্যৱসায় কৰি প্ৰতি কিলোগ্ৰামত 250 টকালৈকে লাভ কৰিছে ৷ জানিব পৰা মতে একাংশ বৰপেটাৰ ব্যৱসায়ীয়ে আহি এই অঞ্চলৰ তামোল সমূহ ক্ৰয় কৰে । তদুপৰি একাংশ গৰাকীয়ে নিজেও বজাৰত বিক্ৰী কৰে ৷ অনাগত দিনত তামুলপুৰৰ অৰ্থনৈতিক ক্ষেত্ৰখনত তামোলে অনন্য অৱদান আগবঢ়োৱাৰ নিশ্চয় থল আছে ৷

Intro:বাক্সাৰ তামুলপুৰত তামোল বিক্ৰী কৰি বহু লোক আৰ্থিক ভাৱে সবল হবলৈ ধৰিছে ।


Body:অসমৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে আলহী আগমনৰ লগে লগে প্ৰথমে নমস্কাৰ তাৰ পিছতেই তামোল পানেৰেই চা চিনাকি । এনেকুৱা দৃশ্য হয়টো অসমৰ বাহিৰে বহি বিশ্বৰ কতো বিচাৰি পোৱা নাযায় । এই তামোলক লৈ এতিয়া বাক্সা জিলাৰ তামুলপুৰৰ বাসীয়ে বছৰি প্ৰায় ৫ কোটিতকৈ অধিক টকা লাভ কৰে । নাম যি তামুলপুৰ উৎপাদনো তামোল । ইয়াত বসবাস কৰা কি বাঙালী, বড়ো,ৰাভা,কলিতা সকলৰে ঘৰৰ বাৰীত তামোলৰ গছ শাৰী শাৰী । উল্লেখ্য যে সৰহসংখ্যক তামোলৰ বাগান জিলা খনৰ নাগ্ৰীজুলী,গুৱাবাৰী,কাউলী, বৃহত্তৰ বগাজুলী আদি অঞ্চলত ৬০ হাজাৰৰ পৰা ৫ লাখলৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একো একোটা পৰিয়ালে । এই তামোল সমূহ কিছু কিছু লোকে চোপাৰী কৰি ৰদত মেলি দিয়ে । চপাৰীৰ প্ৰতি কিলোত ২৫০ টকা লৈকে পাই আৰু কিছু সংখ্যক লোকে গোটা তামোলকে প্ৰতি কুন্টলৰ হিচাপত বিক্ৰী কৰি ৩ হাজাৰ টকা লৈকে লাভ কৰে ।


Conclusion:ৰাজ্যত যিহেতু বৰ্তমানলৈকে তামোলৰ বাবে সুকিয়া বজাৰ গঢ়ি উঠা নাই যদিও তামোল সমূহক একাংশ ব্যৱসায়ীয়ে গৰাকীৰ তামোল বাগানসমূহ কুন্টল দৰত কিনে , আন কিছুমানে নিজেই নাগ্ৰীজুলী,গোৰেশ্বৰ ,কুমাৰীকাটা, তামুলপুৰ আদি বজাৰত বিক্ৰী কৰে । জানিব পৰা মতে একাংশ বৰপেটাৰ ব্যৱসায়ীয়ে আহি এই অঞ্চলৰ তামোল সমূহ ক্ৰয় কৰে । অনাগত দিনত বাক্সা জিলাৰ তামুলপুৰ মহকুমাবাসীয়ে তামোলৰ বাবেই জনপ্ৰিয় হৈ পৰিব য়ে তাক কোনেও নুই কৰিব নোৱাৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated :Apr 26, 2019, 2:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.