ETV Bharat / state

বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ লগতে উদযাপন বাথৌ পূজা

author img

By

Published : Feb 16, 2021, 6:26 PM IST

Swarasati puja celebrate at Barama College
বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজা লগতে উদযাপন বাথৌ পূজা

বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবছৰে সৰস্বতী পূজাৰ লগতে বাথৌ পূজা উদযাপন কৰি আহিছে ৷ এইবাৰো মহাবিদ্যালয়খনত দেখা গ’ল পূজাৰ উখল মাখল পৰিবেশ ৷

বাক্সা, 16 ফেব্ৰুৱাৰী : আজি ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হয় শিক্ষাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰ পূজা ৷ বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়তো উলহ মালহেৰে পালন কৰা হয় শিক্ষাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰ পূজা ৷ কিন্তু বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ আয়োজনৰ ক্ষেত্ৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ বিদ্যালয়ৰ প্ৰাঙ্গণত ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাৰ কাষতে বাথৌ পূজা আয়োজন কৰি সমন্বয়ৰ এক অনন্য নিদৰ্শন দাঙি ধৰে ৷ বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ টিকেন চন্দ্ৰ দাসে জানিবলৈ দিয়া অনুসৰি প্ৰতি বছৰে বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাৰ লগতে বাথৌ পূজা কৰি আহিছে ৷

বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজা লগতে উদযাপন বাথৌ পূজা

লগতে পঢ়ক : নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.