ETV Bharat / state

মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান

author img

By

Published : Jan 12, 2021, 7:24 PM IST

Updated : Jan 12, 2021, 9:16 PM IST

মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান
মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান

বাক্সা প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতি বছৰে প্ৰদান কৰা হয় "মৰা পাগলাদিয়া সাহিত্য বঁটা" । এইবছৰ কৃতি শিক্ষক আবজল আলীৰ সোঁৱৰণত "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান কৰা হয় বিশিষ্ট লেখিকা মনীষা শৰ্মাক ।

বাক্সা , ১২ জানুৱাৰী : বাক্সা জিলাৰ মফচলীয়া সাংবাদিক সকলৰ অতি পুৰণি অনুষ্ঠান বাক্সা প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতি বছৰে প্ৰদান কৰা হয় মৰা পাগলাদিয়া সাহিত্য বঁটা । এই বছৰো আবজল আলীৰ সোঁৱৰণত মৰা পাগলাদিয়া সাহিত্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা মনীষা শৰ্মাক । বঁটাৰ লগতে মানপত্ৰ, শৰাই, জাপি, গামোছা আৰু কিছু আৰ্থিক অনুদান আগবঢ়োৱা হয় বঁটা প্ৰাপক মনীষা শৰ্মাক ।

মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলীয়ে তাৰ পিছতে বন্তি প্ৰজ্বলিত কৰে বাক্সা প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হালৈয়ে । সমান্তৰালকৈ স্মৃতি তৰ্পণ কাৰ্যসূচীত ভাগ লয় আবজল আলীৰ পুত্ৰ কামাল ইৰচাদ জাহাংগীৰে । পৰৱৰ্তী সময়ত বঁটা প্ৰদান অনুষ্ঠানটো উদ্বোধন কৰে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, হস্তী বিশেষজ্ঞ পদ্মশ্ৰী ড° কুশল কোঁৱৰ শৰ্মা ৷ দুয়োগৰাকী বিশিষ্ট ব্য়ক্তিকো বৰমাত আয়োজিত এই অনুষ্ঠানত বৰমা আঞ্চলিক ছাত্ৰ সন্থা, বৰমা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, গৰীয়ামৰীয়া দেশী যুৱ পৰিষদে সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক :নলবাৰীৰ মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান

Last Updated :Jan 12, 2021, 9:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.