ETV Bharat / state

নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত পথ দুৰ্ঘটনা: আহত দুজন

author img

By

Published : Nov 17, 2020, 7:10 PM IST

as_bak_road_accident_at _tamulpur_img_AS10037
নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত পথ দুৰ্ঘটনা: আহত দুজন

নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ সন্মুখতে সংঘটিত হয় পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰন হেৰুৱাই AS-25M-9417 নম্বৰৰ মটৰ চাইকেল খনে নাগ্ৰীজুলি আৰক্ষী চকীয়ে দিয়া বেৰিকেডত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত মটৰ চাইকেলসহ দুই যুৱক পথৰ ওপৰত চিটিকি পৰি গুৰুতৰ ভাৱে আহত হয় ৷

তামুলপুৰ,17 নৱেম্বৰ: তামুলপুৰৰ নাগ্ৰীজুলিত পথ দুৰ্ঘটনা ৷ নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ সন্মুখতে সংঘটিত হয় পথ দুৰ্ঘটনা ৷ AS-25M-9417 নম্বৰৰ মটৰ চাইকেলখনে নাগ্ৰীজুলি বজাৰৰ পৰা অমৰ চক অভিমুখে গৈ থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই নাগ্ৰীজুলি আৰক্ষী চকীয়ে দিয়া বেৰিকেডত প্ৰচণ্ড জোৰে খুন্দা মাৰি মটৰ চাইকেলসহ দুই যুৱক পথৰ ওপৰত চিটিকি পৰে । ফলত গুৰুতৰ ভাৱে আহত হয় নীলকমল বড়ো আৰু চন্তু বড়ো নামৰ দুজন যুৱক ।

as_bak_road_accident_at _tamulpur_img_AS10037
নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত পথ দুৰ্ঘটনা: আহত দুজন

আহত নীলকমল বড়ো আৰু চন্তু বড়োক আৰক্ষীৰ সহযোগত আৰু স্থানীয় লোকে নাগ্ৰীজুলি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে নীলকমল বড়োক মুমূৰ্ষু অৱস্থাত জি এম চি এইছলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: PLANNED CITY যোৰহাটৰ কদৰ্যময় পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.